August 23, 2024 1:18 PM | National Space Day

printer

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হবলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰে। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে Touching Lives while Touching the Moon : India’s Space Saga অর্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা – ভাৰতৰ মহাকাশ যাত্ৰা৷ এই বিষয়বস্তুৱে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে ৰ’বটিক্স প্রতিযোগিতা আৰু ভাৰতীয় মহাকাশ হেকাথনৰ বিজয়ীসকলক সন্মানিত কৰে। যোৱা বছৰ আজিৰ দিনটোতে চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম নামৰ লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত নিৰাপদ আৰু মসৃণ অৱতৰণ কৰিছিল। এই সাফল্যৰ জৰিয়তে ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন আৰু চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। ইয়াৰ পাছতে চন্দ্ৰযান-৩ অভিযানৰ নেণ্ডাৰ যানখনে অৱতৰণ কৰা চন্দ্ৰপৃষ্ঠৰ ঠাইখিনি শিৱ শক্তি পইণ্ট নামেৰে নামকৰণ কৰা হৈছিল আৰু ২৩ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হৈছিল। ৰাষ্ট্ৰীয় মহাকাশ দিৱসে মহাকাশ অন্বেষণত লাভ কৰা অসাধাৰণ সাফল্যক স্বীকৃতি প্ৰদান কৰে আৰু মহাকাশ প্রযুক্তিৰ অগ্ৰগতিত আলোকপাত কৰে। ভাৰতে ১৯৬০ৰ দশকত মহাকাশ গৱেষণা আৰম্ভ কৰিছিল আৰু তেতিয়াৰে পৰা প্ৰযুক্তিৰ বিকাশেৰে ক্ষেত্ৰখনত যথেষ্ট আগ্রগতি লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক