মহা শিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেীটিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি আশুতোষৰ আৰাধনা কৰা হয়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা কালিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা-অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি পুৱা শিৱদৌলত পূজা-অৰ্চনা কৰে। জিলা প্ৰশাসনে অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। মেলাত ৫০০ৰো অধিক ব্যৱসায়িক প্রতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। জিলাখনত পৰহিলৈ এই কাৰ্যসূচীৰ অন্ত পৰিব। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱপূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত কালিৰে পৰা চাৰিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হৈছে। কালি অধিবাসৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্রবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱপূজা চলি আহিছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জৰ পাগলাবাবা থান শিৱমন্দিৰত শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পূজা-অৰ্চনা কৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা বন্তি, ধূপ-ধূনা আৰু নৈবদ্যৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হয়। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীলংকেশ্বৰ ধামত আজি শিৱ চতুদর্শী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে। নগাঁও জিলাৰ সাৰ্বজনীন শিৱমন্দিৰত আজিৰে পৰা তিনিদিনীয়াকৈ শিৱৰাত্ৰি পালন কৰা হৈছে। নগাঁও চহৰৰ মালভোগবাবা আশ্রম শিৱমন্দিৰ, কলংপাৰ শিৱমন্দিৰৰ উপৰি অন্যান্য স্থানত শিৱৰাত্ৰিৰ পূজাৰ আয়োজন কৰা হৈছে।
Site Admin | February 26, 2025 6:58 PM | Shibaratri
সমগ্ৰ দেশতে মহা শিৱৰাত্ৰি পালন
