সমগ্ৰ দেশতে আজি পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে। এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উপলক্ষে জনসাধাৰণে ধন, ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা-অৰ্চনা কৰে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা শুভেচ্ছা বার্তাত কৈছে যে, দীপাৱলী আনন্দ-উৎসাহৰ উৎসৱ আৰু এই উৎসৱে অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞান আৰু অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ কথাকে সূচায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰদূষণ মুক্ত দীপাৱলী উদযাপন কৰিবলৈ আৰু এখন সুস্থ, সমৃদ্ধিশালী আৰু দায়িত্বশীল সমাজ গঢ়ি তোলাৰ বাবে সংকল্প গ্রহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ শুভেচ্ছা বার্তাত কয় যে দীপাৱলী অকল ভাৰততে নহয়, বৰং বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলেও উৎসাহ-উদ্দীপনাৰে পালন কৰে। উপ-ৰাষ্ট্ৰপতিয়ে দীপাৱলীৰ পৱিত্ৰক্ষণত পোহৰৰ এই উৎসৱে ভাৰতৰ পথ পোহৰাই তুলিব আৰু দেশক একতা, সমৃদ্ধি আৰু অসীম প্ৰগতিৰ ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্ৰীয়ে জনসাধাৰণৰ সুস্বাস্থ্য, শান্তি আৰু সমৃদ্ধি কামনা কৰে। তেওঁ লগতে মা লক্ষ্মী আৰু প্রভু শ্রী গণেশৰ আশীৰ্বাদ সকলোৰে শিৰত থকাটো কামনা কৰে।
Site Admin | October 31, 2024 5:36 PM | Deepawali