সমগ্ৰ দেশতে আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি আয়োজিত এটা অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অংশগ্ৰহণ কৰে। অসমতো হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম সঞ্চালকালয়ৰ উদ্যোগত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় ৷ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই দিৱসত ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু জয়ন্ত মল্লবৰুৱাৰ লগতে পদ্মশ্ৰী তথা অসম গৌৰৱ বঁটা প্ৰাপক বয়ন শিল্পী হেমপ্রভা চুতীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ উদ্যোগত ডিফুৰ ফাৰ্মাৰ গ্ৰ’থ চেণ্টাৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদীয় ২৬ টা সমষ্টিত একোটাকৈ বোৱা-কটা কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ জিলাখনৰ শিপিনীসকলৰ কল্যাণৰ বাবে পৰিষদে গ্ৰহণ কৰা আঁচনিৰ বিষয়েও প্ৰকাশ কৰে।
বিটিআৰ প্ৰশাসনৰ উদ্যোগত চিৰাং জিলাৰ টুক্ৰাঝাৰত দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিটিআৰৰ পাঁচখন জিলাৰ কেইবা শতাধিক শিপিনীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত বিটিআৰৰ হস্ততাঁত আৰু বস্ত্র-শিল্প বিভাগৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ বসুমতাৰীয়ে শিপিনীসকলক আর্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত বক্তব্য প্রদান কৰে।
Site Admin | August 7, 2024 6:30 PM | National Handloom day