ডাউনলোড
মোবাইল এপ

android apple
signal

March 31, 2025 11:23 AM | Eid ul fitar

printer

সমগ্ৰ দেশতে আজি ঈদ-উল-ফিতৰ উৎসৱ উদযাপন

পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ-উল-ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজ পঢ়িব। দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদ নামাজৰ আয়োজন কৰা হৈছে।
ঈদ উপলক্ষে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে পবিত্ৰ ৰমজান মাহৰ উপবাস আৰু প্ৰাৰ্থনাৰ অন্তত ঈদ পালন কৰা হয়। শ্ৰীমতী মুমুৱে কয়, যে এই উৎসৱে ভাতৃত্ববোধ, সহযোগিতা আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰে। এই উৎসৱে জনসাধাৰণৰ মাজলৈ শান্তি, প্ৰগতি আৰু সুখ কঢ়িয়াই অনাৰ লগতে ইতিবাচক দিশত আগুৱাই লৈ যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে আশা প্রকাশ কৰে।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ঈদ উৎসৱে সাংস্কৃতিক বৈচিত্ৰক প্ৰতিফলিত কৰাৰ লগতে একতাৰ মনোভাৱ জগাই তোলে। তেওঁ আশা প্ৰকাশ কৰে যে এই উৎসৱে জনসাধাৰণক এনে কিছুমান মূল্যবোধৰ প্ৰতি প্ৰেৰণা জগাই তুলিব যে যিসমূহে এখন শক্তিশালী আৰু সমৃদ্ধ দেশ নিৰ্মাণত সহায়ক হ’ব।

অধিক পঢ়ক

সকলো চাওক