July 10, 2024 6:10 PM | Weather

printer

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিনত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি ধাৰাসাৰ বৰষুণৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্রদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ঠ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্য ভাৰতত অহা ৪ দিনলৈ বিজুলী-ঢেৰেকণিৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক