ডাউনলোড
মোবাইল এপ

android apple
signal

August 26, 2024 11:02 AM | Janmashtami

printer

সমগ্র দেশত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

সমগ্র দেশতে আজি প্রভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে মন্দিৰত গৈ পূজা-অৰ্চনা কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আয়োজন কৰা হৈছে। প্ৰভু শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ বাঁকে বিহাৰী মন্দিৰ, প্ৰেম মন্দিৰ, ইস্কন মন্দিৰ আৰু শ্ৰীকৃষ্ণ জনমভূমি মন্দিৰকে ধৰি হাজাৰ হাজাৰ মন্দিৰ এই উপলক্ষে সুন্দৰভাৱে সজাই তোলা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি জন্মাষ্টমীৰ প্ৰাকক্ষণত দেশবাসী তথা প্রবাসী ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে কয় যে, এই উৎসৱে আমাক ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে উৎসাহিত কৰে। শ্ৰীমতী মুর্মুৱে শ্রীমদ্ভাগৱৎ গীতাত থকা শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথনক সমগ্ৰ মানৱ জাতিৰ বাবে উত্তৰণ আৰু প্ৰেৰণাৰ শাশ্বত উৎস বুলি আখ্যা দিয়ে। তেওঁ শ্ৰীকৃষ্ণৰ আদর্শেৰে পৰিচালিত হোৱাৰ লগতে দেশৰ সমৃদ্ধি তথা প্ৰগতিৰ বাবে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অসমৰ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে, জন্মাষ্টমী হৈছে ধৰ্ম, কৰ্ম আৰু সত্যৰ প্ৰতিমূৰ্তি শ্ৰীকৃষ্ণৰ জন্মদিন উদ্‌যাপন কৰা এটা উপলক্ষ্য। সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনাই আমাক এই গুণসমূহৰ প্ৰতি নিজকে সমৰ্পিত কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু আমাক সত্য পথত আগবাঢ়ি যাবলৈ পথ দেখুৱায়।

অধিক পঢ়ক

সকলো চাওক