ডাউনলোড
মোবাইল এপ

android apple
signal

December 12, 2024 7:41 PM | Nitin Gadkari

printer

সমগ্র দেশতে শীঘ্ৰে দুর্ঘটনাগ্ৰস্তৰ নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ’ব : নীতিন গাডকাৰী

সমগ্র দেশতে শীঘ্ৰে দুর্ঘটনাগ্ৰস্তৰ নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ হ’ব। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভাৰ প্ৰশ্নকালত দিয়া উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছখন ৰাজ্যত বলবৎ হৈ থকা এই আঁচনিখন শীঘ্ৰে উত্তৰ প্ৰদেশ আৰু পিছলৈ দেশৰ বাকী অংশতো প্ৰৱৰ্তন কৰা হ’ব। এই আঁচনিৰ জৰিয়তে পথ দুর্ঘটনাগ্রস্ত লোকসকলে চিকিৎসালসমূহত ডেৰ লাখ টকা পর্যন্ত নগদবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰিব। ঘাইথপথসমূহত ক্ৰমাৎ বৃদ্ধি পোৱা দুর্ঘটনাক লৈ উদ্বেগ প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাতে দুৰ্ঘটনা প্ৰতিৰোধ সমিতি গঠন কৰি এনে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণসমূহ চালি জাৰি চাবৈল সদনৰ সদস্যসকলক অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশ, তামিলনাড়ু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হ’ব বুলি উল্লেখ কৰে। মহানগৰৰ ভিতৰত দিল্লী, বেংগালুৰু আৰু জয়পুৰ চহৰত সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈছে বুলি তেওঁ কয়। তাৎক্ষণিক চিকিৎসা লাভ নকৰা বা চিকিৎসাত পলম হোৱাৰ বাবে ৩০ শতাংশ পথ দুৰ্ঘটনাৰ সংঘটিত লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নগদবিহীন চিকিৎসা আঁচনিখনে সম্প্ৰতি ৰূপায়ন হৈ থকা ছখন ৰাজ্যত ২১০০ গৰাকী লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক