সমগ্র দেশজুৰি ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনক গৰিমামণ্ডিত কৰাৰ পৱিত্ৰ উৎসৱ ৰাখী বন্ধন আজি সমগ্র দেশজুৰি পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সহযোগিতাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক উপহাৰ প্ৰদান
কৰে।

Image
দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ভাতৃ-ভগ্নীৰ পৱিত্ৰ বন্ধনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত তথা এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত পৰিচালিত সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত আয়োজিত ৰাখী বন্ধনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে লগতে বৃদ্ধাশ্রমখনৰ আবাসীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ প্রতিমাহতে স্থানীয় চিকিৎসালয়ৰ চিকিৎসকৰ এটা দলৰ দ্বাৰা আবাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব বুলি উল্লেখ কৰে। এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক অতুল বৰাও উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি গুৱাহাটীৰ এটা বৃদ্ধাবাসত ৰাখী বন্ধনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ImageImageImage
কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্রতিষ্ঠান আৰু ১৩৫ নম্বৰ ইকোলজিকেল টাক্স ফোৰ্চে আজি এই উৎসৱ পালন কৰে। উৎসৱ উপলক্ষে তেওঁলোকে প্রতিষ্ঠানটোৰ ছাত্ৰী নিবাসত নতুনকৈ ৰোপণ কৰা গছপুলিসমূহৰ প্ৰতিপালন কৰাৰ শপত লয়। তেওঁলোকে প্রতিকীভাৱে এই গছপুলি সমূহত ৰাখী বান্ধি এই উৎসৱ উদযাপন কৰে। মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত আজি এই উৎসৱ পালন কৰা হয়। Image

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজতকৈ কনিষ্ঠসকলক ৰাখী পিন্ধাই এই উৎসৱ পালন কৰে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমৰ ধুবুৰী জিলা সমিতিয়ে আজি ৰাখী পূর্ণিমা উপলক্ষে জিলাখনৰ সীমান্ত সুৰক্ষা বাহিনীৰ ৱাটাৰ উইঙত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। ঘৰ তথা পৰিয়ালৰ পৰা বহু দূৰৈত থাকি সীমান্ত তথা নদী-পথ এলেকাত নিজৰ দায়িত্ব পালন কৰি থকা বিষয়া জোৱানসকলক সীমান্ত চেতনা মঞ্চৰ মহিলা কৰ্মকৰ্তাসকলে ৰাখী পিন্ধাই তেওঁলোকৰ মংগল কামনা কৰে।

অধিক পঢ়ক

সকলো চাওক