সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত ৰাজনৈতিক দলসমূহৰ ব্যাপক তৎপৰতা

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। এই পৰ্যায়ত পহিলা জুনত ৫৭ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ দিনা নগৰত এখন নির্বাচনী সভাত ভাষণ দি কংগ্ৰেছ দলে পাকিস্তানৰ ভাষা কোৱা বুলি অভিযোগ উত্থাপন কৰে। জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ বলৱৎ কৰা আৰু অঞ্চলটোত সন্ত্ৰাসবাদক উনি যোগোৱাই কংগ্ৰেছৰ কাৰ্যসূচী আখ্যা দি শ্ৰী মোদীয়ে আই এন ডি আই মিত্ৰজোঁটক দেশৰ সুৰক্ষাৰ বাবে ভাবুকি বুলি অভিহিত কৰে। তেওঁ কয় যে বৰ্তমান কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে জনসাধাৰণৰ চকুত ধূলি দিয়াৰ চেষ্টা কৰিছে আৰু দল দুটাই এফালে পাঞ্জাৱত পৰস্পৰক গালি দিয়াৰ বিপৰীতে মিত্ৰতাৰ বান্ধোনেৰে বান্ধ খাইছে। তেওঁ লগতে কয় যে জনসাধাৰণে দুয়োখন দোকানৰ দুৱাৰ একেই বুলি উপলব্ধি কৰিছে। ইপিনে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক শচীন পাইলটে আজি পাঞ্জাৱৰ শ্ৰীআনন্দপুৰ চাহিব সমষ্টিত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়। নুৰপুৰ বেদীত এখন নির্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে বিজেপি চৰকাৰে সাংবিধানিক প্রতিষ্ঠানসমূহ দুৰ্বল কৰিছে আৰু উদ্যোগপতিসকলক সমৃদ্ধিশালী কৰি সাধাৰণ ৰাইজক দৰিদ্ৰতাৰ কৱললৈ ঠেলি দিছে। তেওঁ কয় যে কেন্দ্ৰত কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে অগ্ৰাধিকাৰৰ ভিত্তিত খেতিয়কসকলক ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰা হ’ব। পাঞ্জাৱ চৰকাৰক সমালোচনা কৰি শ্ৰী পাইলটে কয় যে চৰকাৰখনে জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰা নাই আৰু জনসাধাৰণে নিৰ্বাচনত তেওঁলোকক এশিকনি দিব। আনহাতে, বহুজন সমাজ পাৰ্টীৰ ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে আজি পাঞ্জাৱৰ নৱানশ্বহৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অংশ লয়। কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি শ্ৰীমতী মায়াৱতীয়ে কয় যে সম্প্রতি খেতিয়কসকল সমস্যাত ভুগিছে আৰু ব্যথিত হৈ পৰিছে। মোদী চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ ব্যক্তিগতকৰণ কৰিছে আৰু এয়া গণতন্ত্ৰৰ পৰিপন্থী বুলি বহুজন সমাজ পাৰ্টীৰ মুৰবীগৰাকীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি ঝাৰখণ্ডত জামতাৰাত এখন নির্বাচনী সভাত ভাষণ দিয়ে। শ্রী শ্বাহে কয় যে তেওঁৰ দলে জে এম এমৰ পিতৃস্বৰূপ শিবু চোৰেণৰ বোৱাৰী সীতা চোৰেণক ন্যায় আৰু প্ৰাপ্য সন্মান প্ৰদান কৰিব। বিজেপি নেতাগৰাকীয়ে জে এম এমৰ নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে সীতা চোৰেণক ন্যায়ৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ তোলে। বিজেপিয়ে প্রয়াত দুৰ্গা চোৰেণৰ পত্নী সীতা চোৰেণক ডুকা লোকসভা সমষ্টিৰ পৰা প্রার্থিত্ব প্ৰদান কৰিছে। জে এম এম আৰু কংগ্ৰেছ মিত্ৰজোঁটক সমালোচনা কৰি শ্ৰী শ্বাহে দুয়োটা দলে দুৰ্নীতিৰ ক্ষেত্ৰত পৰস্পৰৰ সৈতে প্রতিদ্বন্দ্বিতাত ব্ৰতী হোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে বিজেপিয়ে ৰাজ্যখনৰ জনজাতীয় আৰু চাওঁতাল সম্প্ৰদায়ৰ লোকৰ উন্নয়নৰ হকে কাম কৰি আহিছে। বিজেপিৰ শাসনকালত চাওঁতালী ভাষা সংবিধানৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰী শ্বাহে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ অধীনত গিৰিদিহ আৰু বুঢ়া পহাড়ৰ লেখীয়া ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা নক্সালবাদ উৎখাত হৈছে।

অধিক পঢ়ক

সকলো চাওক