সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এদিনীয়া সন্মিলনত দেশৰ চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ দিব। এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে অগ্ৰাধিকাৰপ্ৰাপ্ত কাৰ্যসূচী আৰু উদ্ভাৱনসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন জিলা প্ৰশাসন, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভাগক উৎকৃষ্টতাৰ বঁটাও প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে সামগ্রিক বিকাশ আৰু উদ্ভাৱনৰ কাহিনী সমৃদ্ধ এখন ই-বুক মুকলি কৰিব। এই উপলক্ষে কেবিনেট সচিব ড০ টি ভি সোমনাথনৰ অধ্যক্ষতাত নাগৰিক সেৱা সংস্কাৰ, প্ৰত্যাহ্বান আৰু সুযোগ বিষয়ক পূৰ্ণাংগ অধিবেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি অন্য চাৰিখন অধিবেশনো অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি মন্ত্রী মনোহৰ লালৰ অধ্যক্ষতাত নগৰীয়া পৰিবহন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এখন অধিবেশন অনুষ্ঠিত হ’ব। একেদৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ জৰিয়তে সুস্থ ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত আন এখন অধিবেশনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই অধ্যক্ষতা কৰিব। কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অন্নপূর্ণা দেৱীৰ অধ্যক্ষতাত মিছন সক্ষম অংগনবাড়ী আৰু দ্বিতীয় পৰ্যায়ৰ পোষণ অভিযানৰ জৰিয়তে মহিলা আৰু শিশুৰ পৰিপুষ্টি সম্পৰ্কত এখন অধিবেশনৰ আয়োজন কৰা হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বি ভি আৰ সুব্রমণিমৰ অধ্যক্ষতাত অভিলাষী উন্নয়ন খণ্ড সম্পর্কত এখন বৈঠক অনুষ্ঠিত হ’ব।
Site Admin | April 20, 2025 7:35 PM | PM Modi at 17th Civil Service Day
সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ দিব
