সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক’ব পৰা নাযায়ঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক’ব পৰা নাযায়। তেওঁ কয় যে, আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে সন্ত্রাসবাদক আশ্রয় দিয়া আৰু সন্ত্ৰাসবাদী কার্যকলাপক মাফ কৰি দিয়া দেশসমূহক উদঙাই দি অকলশৰীয়া কৰিব লাগে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কাজাখস্তানৰ আস্থানাত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা শীর্ষ সন্মিলনত আজি এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, চাংহাই সহযোগিতা সংস্থাৰ মূল লক্ষ্য সন্ত্ৰাসবাদ প্রতিহত কৰাত অগ্ৰাধিকাৰ দিয়া উচিত। তেওঁ কয় যে, সীমান্তৰে চলোৱা সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। সন্ত্ৰাসবাদৰ প্ৰসাৰৰ বাবে পুঁজি যোগান ধৰা আৰু সদস্য ভৰ্তিৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিব ল’ব লাগে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, যুৱ প্ৰজন্মৰ মাজত মৌলবাদৰ প্ৰসাৰ ৰোধ কৰাৰ বাবে সক্রিয় পদক্ষেপ গ্ৰহণ কৰা উচিত। শ্ৰী মোদীয়ে কয় যে, চাংহাই সহযোগিতা সংস্থা এটা নীতি আধাৰিত সংস্থা আৰু ইয়াৰ সহমতে সদস্য ৰাষ্ট্ৰসমূহৰ দৃষ্টিভংগী পৰিচালিত কৰে। তেওঁ কয় যে, বর্তমান সদস্য ৰাষ্ট্ৰসমূহে বিশেষকৈ বিদেশ নীতিৰ ভেটি হিচাপে সাৰ্বভৌমত্ব, স্বতন্ত্রতা, ভৌগোলিক অখণ্ডতা, সমানতা, পাৰস্পৰিক লাভালাভ, অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু বল প্রয়োগ নকৰা অথবা বল প্রয়োগৰ ভাবুকি প্ৰদান নকৰাৰ লেখিয়া বিষয়সমূহৰ প্ৰসাৰৰ হকে পৰস্পৰৰ মাজত সহযোগিতা ৰক্ষা কৰি আহিছে। ভাৰতৰ অঞ্চলটোৰ জনসাধাৰণৰ সৈতে সভ্যতাৰ দিশৰ পৰা গভীৰ সম্পৰ্ক আছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। চাংহাই সহযোগিতাৰ বাবে মধ্য এছিয়াৰ মধ্যভাগৰ অৱস্থিতিৰ কথা স্বীকাৰ কৰি ভাৰতে অঞ্চলটোৰ স্বাৰ্থ আৰু আকাংক্ষাৰ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। প্রধামন্ত্ৰীয়ে কয় যে, ভাৰতৰ বাবে চাংহাই সহযোগিতা সংস্থাত সহযোগিতা সদায় জনসাধাৰণ কেন্দ্ৰিক। ভাৰতে চাংহাই সহযোগিতা সংস্থাৰ অধ্যক্ষতাৰ সময়ছোৱাত আয়োজন কৰা এছ চি অ’ মিলেট খাদ্য উৎসৱ, এছ চি অ’ চলচ্চিত্ৰ মহোৎসৱ, এছ চি অ’ সুজ কুণ্ড হস্তশিল্প মেলা, এছ চি অ’ থিংটেংক অভিৱৰ্তন আৰু উমৈহতীয়া বৌদ্ধ ঐতিহ্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ লেখীয়া বিভিন্ন অনুষ্ঠানৰ কথা উল্লেখ কৰি এনে ধৰণৰ প্ৰচেষ্টাৰ বাবে ভাৰতৰ সহযোগিতাৰ কথা নিশ্চিত কৰে।
জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত আলোকপ কৰি শ্ৰী মোদীয়ে কয় যে, নির্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে কাম অব্যাহত আছে। এনে প্ৰয়াসৰ ভিতৰত বৈদ্যুতিন বাহনৰ প্ৰসাৰ, বিকল্প ইন্ধনৰ ব্যৱহাৰ আৰু জলবায়ু পৰিৱৰ্তন অনুকূল আন্তঃগাঁথনি নির্মাণ অন্যতম। শ্ৰী মোদীয়ে তেওঁৰ বিবৃতিত কয় যে, অর্থনৈতিক বিকাশৰ বাবে বিভিন্ন সমাজৰ মাজত সহযোগিতা আৰু আস্থাৰ পথ প্ৰশস্ত কৰিব পৰা শক্তিশালী যোগাযোগ ব্যৱস্থা জৰুৰী। প্রযুক্তিগত প্ৰগতি সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ প্ৰযুক্তিক সৃষ্টিশীল কৰি তোলা আৰু ইয়াক কল্যাণ তথা প্ৰগতিৰ বাবে ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, ভাৰত কৃত্রিম বুদ্ধিমত্তা সন্দৰ্ভত ৰাষ্ট্ৰীয় নীতি যুগুতাই তোলা তথা কৃত্রিম বুদ্ধিমত্তা অভিযান আৰম্ভ কৰা দেশসমূহৰ ভিতৰত অন্যতম। তেওঁ কয় যে চাংহাই সহযোগিতা সংস্থাই প্রাচীন বসুধৈব কুটুম্বকম নীতি অনুযায়ী জনসাধাৰণক একত্ৰিক আৰু সমৃদ্ধিশালী কৰাৰ অনন্য মঞ্চ প্ৰদান কৰে। শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোক অভিনন্দন জনায় আৰু বেলাৰুছক নতুন সদস্য হিচাপে সংস্থাটোলৈ আদৰণি জনায়।

অধিক পঢ়ক

সকলো চাওক