ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ কঠুৱা জিলাত সেনা বাহিনীৰ ওপৰত সংঘটিত আক্ৰমণত ৫ গৰাকী সৈনিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে সেনা বাহিনীৰ কনভয়ৰ ওপৰত সংঘটিত এই কাপুৰুষালিভৰা কাৰ্যক সকলোৱে গৰিহণা দিয়া উচিত আৰু এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোধৰণৰ সন্ত্ৰাবাদৰ বিৰুদ্ধে অব্যাহত থকা যুঁজত প্ৰাণ হেৰুওৱা বীৰ সৈনিকসকলৰ পৰিয়ালবৰ্গলৈ সামাজিক মাধ্যমযোগে সমবেদনা প্রকাশ কৰে। তেওঁ লগতে কঠুৱাৰ আক্ৰমণত আহত সৈনিকসকলৰ আশু-আৰোগ্য কামনা কৰে। ইপিনে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে কৈছে যে সমগ্ৰ ৰাষ্ট্র এই কঠিন সময়ত সৈনিকসকলৰ পৰিয়ালৰ সৈতে আছে। সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছে বুলি প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় জোৱানসকল অঞ্চলটোত শান্তি-শৃংখলা স্থাপন কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰী সিঙে লগতে এই ভয়াৱহ আক্ৰমণত আহতসকলৰ আশু-আৰোগ্য কামনা কৰে।
Site Admin | July 9, 2024 7:12 PM | President Condolence