ডাউনলোড
মোবাইল এপ

android apple
signal

সন্ত্রাসবাদী আক্ৰমণত অনন্তনাগ চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰ বুজ গৃহমন্ত্ৰী অমিত শ্বাহৰ

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাত জীৱন হেৰুওৱা লোকসকলৰ বাবে প্ৰতিজন ভাৰতীয়ই দুখ প্ৰকাশ কৰিছে। এই ঘটনাত নিহত লোকসকলৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত ৰখা নিহত লোকসকলৰ পাৰ্থিৱ দেহত মন্ত্ৰী শ্ৰীশ্বাহে মাল্যাৰ্পন কৰে। তেওঁ কয়, যে দেশৰ পৰা সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী শেষ হৈ নোযোৱা পৰ্যন্ত ইয়াৰ বিৰুদ্ধে যুঁজ চলাই যাব। ইয়াৰ পাছত শ্ৰীশ্বাহে সন্ত্রাসবাদী আক্রমণ সংঘটিত হোৱা পেহেলগামৰ বেইচৰণ এলেকা পৰিদৰ্শন কৰে। তেওঁ অনন্তনাগ চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। আহত লোকসকলক সকলো ধৰণৰ সা-সুবিধা দিবলৈ কৰ্তৃপক্ষক নির্দেশ দিয়ে।
পেহেলগামৰ কালিৰ এই বৰ্বৰ আক্ৰমণৰ ঘটনাত ২৬ গৰাকীকৈ পৰ্যটকৰ মৃত্যু হয়। নিহত লোকসকলৰ মৃতদেহসমূহ বিশেষ বিমানেৰে শ্ৰীনগৰৰ পৰা তেওঁলোকৰ নিজ নিজ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই কালিৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত ৩ জন আক্ৰমণকাৰীৰ ৰেখাচিত্র অংকন কৰি মুকলি কৰিছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এটা বিশেষ দলে ইতিমধ্যে এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব লৈছে। কালি সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শ্ৰীনগৰত উপস্থিত হৈ সুৰক্ষা সম্পৰ্কীয় পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজভৱনত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত সকলো উচ্চ পদস্থ নিৰাপত্তা বিষয়া, চোৰাংচোৱা সংস্থাৰ বিষয়া আৰু প্ৰশাসনৰ বিষয়াসকলে ভাগ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰত সকলো সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে কয়, যে কোনো ধৰণৰ ক্ষতিপূৰণে হেৰোৱা জীৱন এটাৰ মূল্য দিব নোৱাৰে। কিন্তু এই ঘটনাত নিহত লোকসকলৰ পৰিয়ালৰ সৈতে চৰকাৰ আছে বুলি তেওঁ প্ৰকাশ কৰে ৷ জম্মু-কাশ্মীৰ চৰকাৰে কালিৰ সন্ত্ৰাসবাদীৰ ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে গুৰুতৰভাৱে আহত লোকসকললৈ ২ লাখ টকাৰ আৰু সামান্যভাৱে আহত লোকসকললৈ ১ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী শ্ৰীওমৰ আব্দুলাৰ নিৰ্দেশমৰ্মে জম্মু-কাশ্মীৰৰ সকলো চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীসকলে সন্ত্রাসবাদী আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ২ মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। উপ ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্রী ওমৰ আব্দুলা, পিডিপিৰ সভানেত্রী মেহবুবা মুফতি, পিপলছ কনফাৰেন্সৰ অধ্যক্ষ চাজাদ গনি লনে আৰু বিভিন্ন ৰাজনৈতিক দলৰ লোকসকলে এই বৰ্বৰ ঘটনাৰ গৰিহণা দিয়ে। পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি কাশ্মীৰ উপত্যকা বন্ধা পালন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক