■ অসম সত্ৰ মহাসভাই সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। সোণাপুৰত জনজাতি বেল্টৰ ভূমি দখলমুক্ত কৰাৰ অভিযানৰ দৰে অসমৰ সত্ৰসমূহৰ মাটিও দখলমুক্ত কৰাৰ বাবে সত্র মহাসভাই আহ্বান জনাইছে। অসম সত্র মহাসভাই সোণাপুৰত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানক আদৰণি জনাই প্ৰকাশ কৰিছে যে অসমত থকা সত্ৰসমূহৰ মাটিত ব্যাপক বেদখল হৈছে। সত্ৰ মহাসভাই প্ৰকাশ কৰা অনুসৰি মধ্য আৰু নামনি অসমত সত্ৰৰ ১০ হাজাৰ বিঘাতকৈও অধিক ভূমি বেদখল হৈছে। ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত পাঁচখন সত্ৰৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত হোৱা বুলি অসম সত্ৰ মহাসভাই জানিবলৈ দিয়ে। বটদ্ৰৱা থানৰ ১৪০ বিঘা মাটি দক্ষিণ পাট সত্ৰৰ ৬ বিঘা মাটি পার্টেক বড়ি সত্ৰৰ ৫৫ বিঘা মাটি, বৰপেটা সত্ৰৰ ৪০ বিঘা মাটি, গোৱালাপাৰ সত্ৰৰ ৩৭ বিঘা মাটিকে ধৰি মুঠ ১৪০ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। অসম চৰকাৰে সত্ৰ মাটি দখলমুক্ত কৰাৰ এই অভিযান অব্যাহত ৰাখিবলৈ অসম সত্ৰ মহাসভাই আহ্বান জনাইছে।
Site Admin | September 14, 2024 10:47 AM | Chief Minister Himanta Biswa Sarma | eviction | Satra | sonapur eviction