সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলে৷ আজি হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ প্ৰতি সামাজিক ন্যায় প্ৰদানৰ হকে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে ছাত্ৰীসকলক তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰাৰ লগতে মহিলা সৱলীকৰণৰ দিশে তেওঁলোকক কাম কৰি যাবলৈ আহ্বান জনায়। মহিলাৰ বিৰুদ্ধে বাঢ়ি অহা নিৰ্যাতনসমূহৰ সন্দৰ্ভত গভীৰ উৎকণ্ঠা প্রকাশ কৰি তেওঁ কয় যে, আমি সকলোৱে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়া উচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে আজিৰ দীক্ষান্ত সমাৰোহত অধ্যয়নৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক সোণৰ পদক প্ৰদান কৰে। অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, ন্যায়াধীশ পি এছ নৰসিংহা, নালছাৰ বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ন্যায়াধীশ আলোক আৰাধে আদিও উপস্থিত থাকে।
উল্লেখযোগ্য যে, শ্রীমতী মুৰ্মুৱে আজি ছিকন্দ্ৰাবাদত থকা ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ উদ্বোধন কৰিব। ৮ দিনীয়াকৈ হ’বলগীয়া এই কলা মহোৎসৱত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব। আটাইকেইখন ৰাজ্যৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলে এই কলা মহোৎসৱত ভাগ ল’ব।

অধিক পঢ়ক

সকলো চাওক