সকলো আঁচনিৰ উচিত ৰূপায়ণেৰে দেশৰ গাঁওসমূহক দৰিদ্ৰতামুক্ত কৰি তোলা হ’ব বুলি কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। নতুন দিল্লীত কালি গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন কামৰ
পৰ্যালোচনা কৰি শ্ৰীচৌহানে কয় যে মাহিলী ভিত্তিত লক্ষ্য নিৰ্দ্ধাৰণ কৰা হ’ব আৰু এই লক্ষ্য পূৰণৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব। তেওঁ লগতে কয় যে এনে প্ৰচেষ্টাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰিদ্ৰতামুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত নিৰ্দ্ধাৰণ কৰা ৪২ লাখ বাসগৃহ নিৰ্মাণৰ লক্ষ্যৰ বিপৰীতে প্ৰায় ৩২ লাখ বাসগৃহ নির্মাণত আবণ্টন দিয়া হৈছে আৰু যোৱা বছৰ জুনৰ পৰা ডিচেম্বৰৰ ভিতৰত ৪ লাখৰো অধিক বাসগৃহ নির্মাণ সম্পূর্ণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ইতিপূৰ্বে নিৰ্ধাৰণ কৰা লক্ষ্য অনুযায়ী বাকী ১০ লাখ বাসগৃহৰ আবণ্টনত গুৰুত্ব আৰোপ কৰা হ’ব।