প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে অভিহিত কৰিছে। মধ্য প্ৰদেশৰ চৰপুৰ জিলাত বাগেশ্বৰধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্ৰতিষ্ঠানত প্ৰান্তীয় ৰোগীসকলৰ বাবে বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হ’ব। এই প্রতিষ্ঠান ১০ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব বুলি সদৰী কৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে প্রথম পৰ্যায়ত ১০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ’ব। কর্কট চিকিৎসালয়খনত বিশেষজ্ঞ চিকিৎসক উপলব্ধ হোৱাৰ লগতে ইয়াত অত্যাধুনিক সা-সৰঞ্জামৰো ব্যৱস্থা কৰা হ’ব। কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰয়াসৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে চলিত বছৰৰ বাজেটত কৰ্কট ৰোগৰ সৈতে যুঁজ দিবলৈ বিভিন্ন আঁচনিৰ বিষয়ে ঘোষণা কৰা হৈছে। কৰ্কট ৰোগৰ ঔষধ সুলভ হৈ পৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে পৰৱৰ্তী ৩ বছৰত দেশৰ প্ৰতিখন জিলাতে কৰ্কটৰ সেৱা কেন্দ্ৰ মুকলি কৰা হ’ব। জিলা চিকিৎসালয়সমূহত কৰ্কট ৰোগৰ চিকিৎসাৰ বিশেষ কেন্দ্ৰ মুকলি কৰাৰ বিষয়েও কয়, তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে আয়ুষ্মান যোজনা আৰু জন ঔষধি কেন্দ্ৰৰ দৰে চৰকাৰী সুবিধাসমূহৰ লাভ ল’বলৈ জনসাধাৰণলৈ আহ্বান জনায়। কিছুসংখ্যক ৰাজনৈতিক দলে সনাতন ধর্ম সন্দৰ্ভত দিয়া মন্তব্যৰ সমালোচনা কৰি শ্রীমোদীয়ে যে ধর্মক উপলুঙা কৰা নেতাৰ এটা দল আছে। এই লোকসকলে আমাৰ উৎসৱ তথা পৰম্পৰাসমূহক উপলুঙা কৰি অহা বুলিও তেওঁ মত প্ৰকাশ কৰে। হিন্দু বিশ্বাসক পচন্দ নকৰা এই লোকসকল শতিকাজুৰি অন্য বেশত লুকাই থকা বুলিও তেওঁ উল্লেখ কৰে। কিছু বিদেশী শক্তিয়েও এই লোকসকলক সমৰ্থন কৰা বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্দিৰসমূহক প্ৰাৰ্থনাস্থলীৰ উপৰি বিজ্ঞান আৰু সামাজিক সজাগতাৰ কেন্দ্ৰ বুলি অভিহিত কৰে। তেওঁ কয়, যে ঋষি- মুনিসকলে সূচনা কৰা আয়ুৰ্বেদ বিজ্ঞান তথা যোগাভ্যাসৰ দৰে পৰম্পৰাসমূহ সম্প্ৰতি সমগ্ৰ বিশ্বই অনুসৰণ কৰিছে। শ্ৰীমোদীয়ে সন্ধিয়াৰ ভাগলৈ ভূপালত বিজেপিৰ সাংসদ, বিধায়ক তথা অন্যান্য বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ কথা। মধ্য প্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণৰ তিনিদিনীয়া কাৰ্য্যসূচীৰ অংশ হিচাপে প্রধানমন্ত্ৰীগৰাকী আজি মধ্য প্রদেশত উপস্থিত হয়। শ্রীমোদীয়ে ভূপালত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত গোলকীয় বিনিয়োগকাৰীৰ শীৰ্ষ সন্মিলন-২০২৫ মুকলি কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে কাইলৈ বিহাৰৰ ভাগলপুৰ ভ্ৰমণ কৰি পি এম কিষাণ আঁচনিৰ ঊনবিংশ কিস্তি প্রদান কাৰ্য্যসূচী মুকলি কৰিব। দেশজুৰি ৯.৭ কোটিতকৈও অধিক কৃষকে মুঠ ২১,৫০০ কোটি টকাতকৈও অধিক প্রত্যক্ষ বিত্তীয় সাহায্য লাভ কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে বিহাৰত কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰাৰ লগতে কিছু সংখ্যক প্রকল্প দেশৰ নামত উৎসৰ্গাও কৰিব।
Site Admin | February 23, 2025 7:50 PM | PM Modi at Madhya Pradesh
সকলোৰে বাবে স্বাস্থ্য চৰকাৰৰ সবকা সাথ-সবকা বিকাশ দৃষ্টিভংগীৰ মূল স্তম্ভ হিচাপে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰিছে
