ডাউনলোড
মোবাইল এপ

android apple
signal

সংসদ ভৱনত এন ডি এৰ বিহাৰৰ সাংসদসকলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

এন ডি এৰ বিহাৰৰ সাংসদসকলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিজেপি, জে ডি ইউ (আৰ) এল জে পি (আৰ) ৰ সাংসদকলে প্রধানমন্ত্ৰী মোদীক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং আৰু চিৰাগ পাচোৱান এই সাক্ষাৎকালত সাসংসদসকলৰ সৈতে উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক সাংসদসকলে সাক্ষাৎ কৰে।

অধিক পঢ়ক

সকলো চাওক