সংসদ ভৱনত কালি হেঁচা-ঠেলাৰ এটা ঘটনাত আহত হোৱা বিজেপি সাংসদ দুগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়াৰ ফলত এই সাংসদ দুগৰাকী আহত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। সংসদ ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে সাংসদসকলে সংসদৰ মৰ্যাদা ৰক্ষা কৰি চলা উচিত আৰু কোনো ধৰণে শাৰীৰিক শক্তি প্ৰয়োগৰ পৰা বিৰত থকা উচিত। কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীৰ আৰ এম এল হস্পিতালত বিজেপিৰ আহত সাংসদ প্ৰতাপ ছাৰাংগীক সাক্ষাৎ কৰে। পাছত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁ এই বুলি অভিযোগ কৰে যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰোধী দলপতিৰ পদ অধিকাৰ কৰি থকাৰ সামৰ্থ নাই। ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে গণতন্ত্ৰৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰিছিল বুলি অভিযোগ কৰি তেওঁ লগতে কয়, যে সম্প্ৰতি ৰাহুল গান্ধীয়ে এনে কাৰ্যৰ উত্তৰাধিকাৰৰ পৰিচয় দিছে। গণতন্ত্ৰ আৰু সংসদৰ প্ৰতি কৰা উপলুঙাক দেশৰ জনসাধাৰণে কেতিয়াও সহ্য নকৰে বুলিও তেওঁ মতপ্রকাশ কৰে।
Site Admin | December 20, 2024 8:02 PM | MP Health