চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ’ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব। অধিৱেশন কাইলৈ আৰম্ভ হ’লেও সংবিধান দিৱস উপলক্ষে পৰহিলৈ সংসদৰ বৈঠক অনুষ্ঠিত নহয়।
Site Admin | November 24, 2024 11:22 AM | Parliament Session