চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰত আৰম্ভ হ’ব আৰু ২০ ডিচেম্বৰত অধিৱেশনৰ সামৰণি পৰিব। অৱশ্যে, ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে সংসদৰ বৈঠক অনুষ্ঠিত নহয়।
Site Admin | November 20, 2024 9:08 PM | India Govt. | Parliament House | Parliament Session
সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অহা ২৪ নৱেম্বৰত সর্বদলীয় বৈঠক
