সংসদৰ শীতকালীন অধিবেশন আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ এইবাৰৰ অধিবেশনৰ আজি অন্তিম দিনাও বিশেষ কোনো কাম-কাজ নোহোৱাকৈ সামৰণি পৰে। সংবিধান প্রণেতা ড০ বি আৰ আম্বেদকাৰক অপমান কৰা বুলি উঠা অভিযোগ প্ৰতি-অভিযোগৰ মাজত যোৱা দুদিনত সৃষ্টি হোৱা অভূতপূর্ব হুলস্থূলীয়া পৰিস্থিতি আজিও শাম কটা পৰিলক্ষিত নহ’ল। লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ সময়তে আজি বিৰোধী পক্ষৰ সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি আহি ধবনি দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই সদস্যসকলক ক্ষান্ত হ’বলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ মাজতে আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে ১৯৬৩ চনৰ কেন্দ্ৰীয় শাসিত অঞ্চল আইন, ১৯৯১ চনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আইন আৰু ২০১৯ চনৰ জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইনক যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰা হৈছে বুলি
ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ ধৰণে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত সভাপতি জগদীপ ধনখড়ে প্রথমে দিনৰ ১২ বজালৈ আৰু পাছত সদনৰ অধিবেশন অনির্দিষ্ট কাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। তেওঁৰ সামৰণি মন্তব্যত ধনখড়ে আক্ষেপ কৰি কয়, যে এইবাৰৰ শীতকালীন অধিবেশনত উচ্চ সদনত কেৱল ৪৩ ঘণ্টাহে কাম-কাজ চলে আৰু ই দেশৰ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Site Admin | December 20, 2024 8:11 PM | parliament