সংসদৰ বিভাগ সম্পৰ্কীয় স্থায়ী সমিতিসমূহ গঠন কৰা হৈছে। বিত্ত বিষয়ক সমিটিৰ নেতৃত্ব দিব বিজেপিৰ ভৰক্ৰহৰী মাহতাবে আৰু কংগ্ৰেছৰ শশী থাৰুৰে বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষতা কৰিব। প্ৰতিৰক্ষা পেনেলৰ অধ্যক্ষ হিচাপে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাধা মোহন সিং আৰু গৃহ বিভাগ সম্পৰ্কীয় স্থায়ী সমিতিৰ নেতৃত্ব দিব বিজেপি ৰাজ্যসভাৰ সাংসদ ৰাধা মোহন দাস আগৰৱালাই। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই বিজ্ঞান আৰু প্ৰযুক্তি, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন সমিতিৰ অধ্যক্ষতা কৰিব।এন চি পিৰ সাংসদ সুনীল তাটকাৰেই পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ সমিতিৰ নেতৃত্ব দিব আৰু শক্তি সম্পৰ্কীয় সমিতিৰ অধ্যক্ষ হ’ব শিৱসেনাৰ শ্ৰীৰাং আপ্পা বাৰ্ণে। কংগ্ৰেছৰ সাংসদ চৰণজিৎ সিং চান্নীয়ে কৃষি, পশুপালন আৰু খাদ্য সংসাধন সমিতিৰ নেতৃত্ব দিব আৰু কংগ্ৰেছৰ সপ্তগিৰি উলাকাক গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। জেডি (ইউ)ৰ সঞ্জয় ঝাই পৰিবহণ, পর্যটন আৰু সাংস্কৃতিক সমিতিৰ নেতৃত্ব দিব আৰু টিডিপিৰ মগুণ্টা শ্রীনিবাসুলু ৰেড্ডীয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা সমিতিৰ অধ্যক্ষতা কৰিব। কয়লা, খনি আৰু তীখা সমিতিৰ অধ্যক্ষতা কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি সাংসদ অনুৰাগ ঠাকুৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ প্ৰতাপ ৰুডীক জলসম্পদ সমিতিৰ নেতৃত্ব দিব । বিজেপিৰ নিশিকান্ত ডুবেক যোগাযোগ আৰু তথ্য প্ৰযুক্তি সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ডি এম কেৰ তিৰুচি শিভাই উদ্যোগ সমিতিৰ অধ্যক্ষতা আৰু তেওঁৰ দলৰ সতীর্থ কানিমোজিয়ে গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ সমিতিৰ অধ্যক্ষতা কৰিব। বিজেপিৰ সাংসদ চি এম ৰমেশে ৰেলৱে আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ কীর্তি আজাদে ৰাসায়নিক আৰু সাৰ সমিতিৰ নেতৃত্ব দিব। বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই বিজ্ঞান আৰু প্ৰযুক্তি, পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন সমিতিৰ অধ্যক্ষতা কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সমিতিৰ নেতৃত্ব দিব সমাজবাদী পাৰ্টিৰ সাংসদ ৰাম গোপাল যাদৱে। বিজেপিৰ ব্ৰিজ লালে পাষণেল, ৰাজহুৱা অভিযোগ, আইন আৰু ন্যায় সমিতিৰ অধ্যক্ষতা কৰিব। কংগ্ৰেছৰ সাংসদ দিগ্বিজয় সিঙে শিক্ষা, মহিলা, শিশু, যুৱক-যুৱতী আৰু ক্ৰীড়া সমিতিৰ নেতৃত্ব দিব আৰু তৃণমূল কংগ্ৰেছৰ ডোলা সেনে বাণিজ্য সমিতিৰ অধ্যক্ষতা কৰিব।
Site Admin | September 27, 2024 6:49 PM | Standing Committees of Parliament formed