সংসদৰ বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত চৰকাৰে সংসদৰ দুয়োখন সদনৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো দলৰ সহায়-সহযোগিতা বিচাৰিব। বাজেট অধিৱেশন সোমবাৰে আৰম্ব হ’ব আৰু ১২ আগষ্টলৈকে চলিব। কেন্দ্রীয় বাজেট ২৩ জুলাইত দাখিল কৰা হ’ব। এইখন হ’ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। যোৱা মাহত সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উল্লেখ কৰিছিল যে, এইবছৰৰ সাধাৰণ বাজেটত চৰকাৰৰ বিভিন্ন দূৰদৰ্শী আঁচনি আৰু ভৱিষ্যৎ চিন্তাৰ প্ৰতিফলন দেখা পোৱা যাব।
Site Admin | July 20, 2024 6:00 PM | Budget 2024 | Parliament House | Parliament Session