চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো পক্ষৰ পৰা সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন ২২ জুলাইৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় বাজেট ২৩ জুলাইত সদনত দাখিল কৰা হ’ব। এয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ’ব বুলি প্ৰকাশ কৰিছিল।Government convenes all-party meeting on Sunday ahead of the Budget Session of Parliament