সংসদৰ বাজেট অধিবেশন আজি আৰম্ভ হৈছে। ১২ আগষ্টত সমাপ্ত হ’বলগীয়া এই অধিৱেশনত ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। আমাৰ সংবাদদাতাই জনোৱা মতে, অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক জৰীপ দাখিল কৰিব। অর্থনৈতিক জৰীপে অৰ্থব্যৱস্থাৰ বিভিন্ন খণ্ডৰ পাৰিসাংখ্যিক তথ্য আৰু বিশ্লেষণ আগবঢ়ায়। ইয়াৰ জৰিয়তে কর্ম সংস্থাপন, মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ আৰু মুদ্রাস্ফীতিৰ তথ্যও লাভ কৰিব পৰা যায়। বিত্তমন্ত্ৰীগৰাকীয়ে কাইলৈ সদনত ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ’ব বুলি প্ৰকাশ কৰিছিল। চৰকাৰে বাজেট অধিৱেশনত সংসদত ছখন নতুন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক, বইলাৰ বিধেয়ক, ভাৰতীয় বায়ুযান বিধেয়ক, কফিৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আৰু ৰবৰৰ প্ৰসাৰ আৰু উন্নয়ন বিধেয়ক আছে। ইপিনে, সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে কালি নতুন দিল্লীত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত চৰকাৰে আসন্ন বাজেট অধিবেশনৰ সময়ছোৱাত সংসদ উভয় সদনৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে, চৰকাৰ মুকলি মনেৰে যিকোনো বিষয় সন্দৰ্ভত বিতৰ্কৰ বাবে সাজু হৈ আছে। সংসদৰ কাম-কাজ নিয়াৰিকৈ চলাই নিয়াটো চৰকাৰ তথা বিৰোধী উভয় পক্ষৰে দায়িত্ব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে মূল্যবান পৰামৰ্শৰ বাবে দলসমূহৰ নেতাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
Site Admin | July 22, 2024 11:52 AM | budget session 22 july