চৰকাৰে সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলোধৰণৰ সহযোগিতা কামনা কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যৎ পৰিকল্পনাৰ নথি হ’ব বুলি প্ৰকাশ কৰিছিল।
Site Admin | July 18, 2024 5:08 PM | Budget 2024 | Parliament House