ডাউনলোড
মোবাইল এপ

android apple
signal

সংসদৰ দুয়োখন সদনতত ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সংসদৰ দুয়োখন সদনতে আজি ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুয়োখন সদনৰ সদস্যসকলে সাহসী নিৰাপত্তাৰক্ষীসকলৰ স্মৃতিৰ প্ৰতি সন্মান জনাই মৌনতা অৱলম্বন কৰে। লোকসভাৰ কাৰ্যক্ৰমণিকাৰ বাবে সদন মিলিত হোৱাৰ সময়তে অধ্যক্ষ ওম বিৰলাই কয়, যে ২০০১ চনৰ এই দিনটোতেই সংসদৰ সজাগ নিৰাপত্তাৰক্ষীসকলে নিজৰ দৃষ্টান্তমূলক সাহস দেখুৱাই সন্ত্ৰাসবাদীৰ কু-প্রচেষ্টাক বিফল কৰি তুলিছিল। তেওঁ কয়, যে আক্ৰমণৰ সময়ত সংসদৰ নিৰাপত্তাৰ সেৱাত নিয়োজিত লোক, দিল্লী আৰক্ষী, চি আৰ পি এফ আৰু চি পি ডব্লিউ ডিৰ এজন কৰ্মচাৰী ছহিদ হয়। তেওঁ কয়, যে এই দিনটোত সদনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিয়াৰ সংকল্প পুনৰবাৰ প্ৰকাশ কৰিছে।ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে কয়, যে আজি সংসদভৱন আক্ৰমণৰ কৰুণ ঘটনাই ২৩ টা বৰ্ষ অতিক্ৰম কৰিলে। তেওঁ কয়, যে নিৰাপত্তাৰক্ষীসকলৰ সাহস আৰু দৃঢ়তাই সন্ত্ৰাসবাদীৰ কু-অভিপ্ৰায় বিফল কৰি তুলিছিল। এই দিনটো দেশৰ একতাৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ দিশ সমূহো চালি-জাৰি চাবলৈ বিশেষভাৱে পালন কৰাৰ প্ৰয়োজন বুলিও তেওঁ মত পোষণ কৰে। তেওঁ লগতে কয়, যে দেশৰ একতা, স্বাধীনতা আৰু ন্যায় ৰক্ষাৰ বাবে দেশবাসীয়ে দৃঢ়তাৰে থিয় দিয়া উচিত।

অধিক পঢ়ক

সকলো চাওক