ডাউনলোড
মোবাইল এপ

android apple
signal

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আৰম্ভ

সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙলৈ শ্রদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতিয়ে কয় যে মোদী চৰকাৰৰ তৃতীয় কার্যকালত তিনিগুণ ক্ষীপ্ৰতাৰে কাম হৈছে। শ্ৰীমতী মুর্মুৱে কয় যে কেন্দ্রীয় চৰকাৰে দেশৰ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আছে। চৰকাৰৰ বিভিন্ন আঁচনি আলোকপাত কৰি শ্ৰীমতী মুর্মুরে কয় যে প্রধানমন্ত্রী আৱাস যোজনাৰ সম্প্ৰসাৰণৰ জৰিয়তে অতিৰিক্ত ৩ কোটি পৰিয়ালক নতুন ঘৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ধৰতী আবা জনজাতি গ্রাম উৎকর্ষ কাৰ্যসূচীৰ কথা উল্লেখ কৰি শ্ৰীমতী মুর্মুৱে কয় যে ৫ কোটি জনজাতীয় লোকৰ বিকাশৰ বাবে এই কাৰ্যসূচী আৰম্ভ হৈছিল। একেদৰে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চৰকাৰে ৭০ বছৰ উৰ্দ্ধৰ ৬ কোটি জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমা প্ৰদানৰ সিদ্ধান্তৰ কথাও ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। চৰকাৰে যুৱ চামৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বিষয়ক অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ শীৰ্ষ ৫০০টা কোম্পানীত ১ কোটি যুৱক-যুৱতীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক আধুনিক শিক্ষা প্ৰদান কৰা হ’ব বুলিও শ্রীমতী মুমুৱে প্ৰকাশ কৰে। মহিলা সৱলীকৰণৰ বিষয়ত আলোকপাত কৰি ৰাষ্ট্ৰপতিয়ে কয় যে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্যৰে কাম কৰি আছে। বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বেংকিং আৰু ডিজি পেমেণ্ট সখীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেওঁ কয়। ডিজিটেল পেমেণ্ট পদ্ধতিৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ীসকল উপকৃত হৈছে বুলিও ৰাষ্ট্ৰপতিয়ে কয়। ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে চৰকাৰে সামাজিক ন্যায় আৰু সমতাৰ বিষয়ত ডিজিটেল প্রযুক্তিক ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযান আৰম্ভ কৰা হৈছে। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত জম্মু-কাশ্মীৰত উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল যোগাযোগ প্ৰকল্প সম্পূৰ্ণ হোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে এতিয়া কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ৰে’ল যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে।আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত অর্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমনে কাইলৈ লোকসভাত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতি ভাষণৰ প্রতি ধন্যবাদ সূচক প্ৰস্তাৱক লৈ আলোচনা হ’ব।

অধিক পঢ়ক

সকলো চাওক