সংসদৰ কাৰ্য বিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ’ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি সংসদৰ কাৰ্যক্ৰমণিকা বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথেলী আৰু উৰ্দুলৈ ভাষান্তৰ সেৱাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয়, যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু ভাষাত অনুবাদৰ ব্যৱস্থা আছে। এতিয়াৰে পৰা বড়োসহ ছটা ভাষালৈও সংসদৰ কাৰ্যক্ৰম অনুবাদ কৰা হ’ব। ইয়াৰ উপৰি মানৱ সম্পদ উপলব্ধ হ’লে অতিৰিক্ত ১৬টা ভাষালৈ শীঘ্ৰে সংসদৰ কাৰ্যক্ৰম ভাষান্তৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।
তেওঁ কয়, যে ভাৰতীয় সংসদেই বিশ্বৰ একমাত্ৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান য’ত সদনৰ কাৰ্যক্ৰমণিকা ইমানবোৰ ভাষালৈ অনুবাদ কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংসদৰ কাৰ্য বিৱৰণীৰ অনুবাদৰ ভাষা হিচাপে বড়ো ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যম যোগে এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই সিদ্ধান্তই বড়ো ভাষী সাংসদসকলক উপকৃত কৰি ভালদৰে যোগাযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰিব। তদুপৰি অসমৰ অন্যতম চহকী ভাষা বড়ো ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰতো ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদৰ কাৰ্যক্ৰমত বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথেলী আৰু উৰ্দু ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৰা ঘোষণাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কয়, যে হিন্দী, ইংৰাজীৰ উপৰি অসমীয়াকে ধৰি ১০ টা আঞ্চলিক ভাষাত সংসদৰ কাৰ্যক্ৰমণিকাৰ বিৱৰণীৰ ভাষান্তৰ ব্যৱস্থা আছিল আৰু এই তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ দুটা ভাষা বড়ো, মণিপুৰীকে ধৰি মুঠ ছটা ভাষা সংযোজন কৰা হৈছে। এই সিদ্ধান্তই প্রধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মূল মন্ত্ৰক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি শ্ৰীসোণোৱালে প্রকাশ কৰিছে। তেওঁ কয়, যে এই ব্যৱস্থাই থলুৱা ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰত অগ্রণি ভূমিকা পালন কৰিব।