ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2024 8:26 PM | parliament

printer

সংসদৰ উভয় সদনৰ কাম-কাজ অনির্দিষ্ট কালৰ বাবে স্থগিত

সংসদৰ উভয় সদনৰ কাম-কাজ আজি অনির্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে ১১৫ ঘণ্টা ধৰি চলা এই অধিবেশনৰ সময়ছোৱাত ১৫খন বৈঠক অনুষ্ঠিত হয়। তেওঁ কয় যে কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে ২৩ জুলাইত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল আৰু বাজেটক লৈ সদনত ২৭ ঘণ্টা আৰু ১৯ মিনিট ধৰি আলোচনা অনুষ্ঠিত হৈছিল। তেওঁ কয় যে অধিবেশনৰ সময়ছোৱাত ১২খন বিধেয়ক উত্থাপন কৰা হয় আৰু ইয়াৰে চাৰিখন লোকসভাত গৃহীত হয়। গৃহীত বিধেয়ককেইখনৰ ভিতৰত বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক, জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক আৰু ভাৰতীয় বায়ু যান বিধেয়ক আছে। অধিবেশনৰ সময়ছোৱাত লোকসভাত ১৩৬ শতাংশ কাম-কাজ সম্পাদন হোৱা বুলি অধ্যক্ষ বিবলাই প্ৰকাশ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয় যে উচ্চ সদনত কেন্দ্ৰীয় বাজেটক লৈ প্ৰায় ২২ ঘণ্টা অনুষ্ঠিত হয়। তেওঁ কয় যে অধিবেশনৰ সময়ছোৱাত প্ৰায় ৯০ ঘণ্টা ধৰি সদনৰ বৈঠক অনুষ্ঠিত হয়। সভাপতিগৰাকীয়ে সংসদৰ পৰৱৰ্ত্তী অধিবেশন প্রত্যেকগৰাকী সদস্য আৰু দেশৰ বাবে লাভজনক হ’ব বুলি আশা প্রকাশ কৰে। ২২ জুলাইত আৰম্ভ হোৱা সংসদৰ বাজেট অধিবেশন অহা সোমবাৰে সামৰণি পৰাৰ কথা আছিল ।

অধিক পঢ়ক

সকলো চাওক