ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদৰ অধিৱেশনৰ সামৰণিৰ পাছত বিৰোধী পক্ষৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। অধিৱেশনৰ অন্তত দিয়া বিবৃতিত শ্রীধনখড়ে বিৰোধী পক্ষৰ নেতাগৰাকী সদনৰ মজিয়ালৈ উঠি যোৱা কাৰ্য্যক সংসদীয় আচৰণ আৰু গৰিমাৰ অপমান বুলি অভিহিত কৰে। সংসদক আলাপ-আলোচনা আৰু বিতৰ্কৰ মন্দিৰ বুলি আখ্যা দি শ্রীধনখড়ে কয় যে, তেওঁ সাংসদসকলে নিজৰ আচৰণেৰে নিদৰ্শন দাঙি ধৰা উচিত। শ্রীধনখড়ে লগতে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত প্ৰথমবাৰৰ বাবে ভাগ লোৱা ১৯ গৰাকী নৱ-নিৰ্বাচিত সাংসদসহ মুঠ ৭৬ গৰাকী সদস্যই অংশ লোৱা বুলি প্ৰকাশ কৰে।
Site Admin | July 3, 2024 8:07 PM | Vice President