কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও সংসদত ৱক্ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ইয়াৰ জৰিয়তে অন্যায় আৰু দুৰ্নীতিৰ এছোৱা দীঘলীয়া সময়ৰ অৱসান ঘটাই ন্যায় আৰু সমতাৰ যুগৰ আৰম্ভণি হ’ল। এই ব্যৱস্থাই দেশৰ মুছলমান সম্প্ৰদায়ৰ দৰিদ্ৰ লোকসকলৰ লগতে মহিলা আৰু শিশুসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি মত প্ৰকাশ কৰি তেওঁ কয়, যে এতিয়াৰে পৰা ৱক্ফ বোর্ড আৰু ৱফৰ সম্পত্তিসমূহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতাৰ ব্যৱস্থা হ’ব। এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সংখ্যালঘূ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুক অভিনন্দন জনোৱাৰ লগতে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱা সকলো দল আৰু সাংসদৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
Site Admin | April 4, 2025 5:06 PM | Akashvani News | Amit Shah | Waqf bill
সংসদত ৱক্ফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাটো ঐতিহাসিক বুলি অভিহিত গৃহমন্ত্রী অমিত শ্বাহৰ
