সংসদত নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনোৱাৰ প্ৰস্তুতি পূর্ণ গতিত

লোকসভা নিৰ্বাচনৰ সামৰণি তথা ফলাফল ঘোষণালৈ মাত্ৰ কিছুদিন থকা অৱস্থাত সংসদত নৱনিৰ্বাচিত সাংসদসকলক আদৰণি জনোৱাৰ প্ৰস্তুতি পূর্ণ গতিত চলিছে। সংবাদ মাধ্যমৰ যোগে প্রকাশিত এক জাননীৰ মতে নির্বাচন আয়োগে নির্বাচিত প্ৰাৰ্থীসকলৰ তালিকা ঘোষণা কৰাৰ পিছতে নৱ নিৰ্বাচিত সাংসদসকল আহিবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ ভ্ৰমণৰ পূৰ্বেই লোকসভা সচিবালয়ৰ নডেল বিষয়াসকল তেওঁলোকৰ সৈতে যোগাযোগত থাকিব। আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ তথা ৰেলৱে ষ্টেছনসমূহৰ বিভিন্ন টার্মিনেলসমূহত বিশেষ অভ্যর্থনা কেন্দ্রসমূহ স্থাপন কৰা হ’ব। বিমান, ৰেল তথা পথযোগে উপস্থিত হোৱা নৱ নিৰ্বাচিত সাংসদসকলক নির্ধাৰিত স্থানসমূহত আদৰণি জনোৱা হ’ব। সংসদ সংযোজন সম্প্ৰসাৰিত ভৱনসমূহৰ অভ্যর্থনা কেন্দ্ৰসমূহত সাংসদসকলৰ উপস্থিতিৰ পিছতেই তেওঁলোকৰ ফোন সংযোগ, নতুন বেংক একাউণ্ট, সংসদ ভৱনৰ স্মাৰ্ট এক্সেচ কাৰ্ড, ফাষ্টটেগ, ডিপ্লমেটিক পাছপোৰ্টজাতীয় নথিপত্ৰসমূহো জাৰি কৰা হ’ব। দিল্লীত ৰাজ্য চৰকাৰৰ অতিথিশালা তথা ৱেষ্টাৰ্ণ কোর্ট হোষ্টেল কমপ্লেক্সত তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছে। লগতে তেওঁলোকক সংবিধান, ব্যৱসায়ৰ পদ্ধতি তথা পৰিচালনাৰ নিয়মাৱলী আৰু হাতপুথি প্ৰদান কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক