পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰ্যালয়ে কৈছে যে, শেহতীয়াকৈ চৰকাৰে সংশোধিত প্ৰধানমন্ত্ৰী জৈৱ ইন্ধন পৰিৱেশ অনুকূল শস্যৰ অৱশিষ্ট বিনষ্টকৰণ যোজনাত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে শস্য চপোৱাৰ পাছত কৃষিপথাৰত ৰৈ যোৱা শস্যৰ অৱশিষ্টৰ বাবে খেতিয়কসকলক লাভজনক আয় প্ৰদানৰ লগতে পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধানৰ লক্ষ্য স্থিৰ কৰা হৈছে। আঁচনিখনৰ সংশোধন কৰি উন্নত জৈৱ ইন্ধনৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰকল্প প্রস্তাৱসমূহৰ ক্ষেত্ৰত নতুন প্রযুক্তি আৰু উদ্ভাৱনত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব বুলিও আঁচনিখনত উল্লেখ কৰা হৈছে। এই আঁচনিখনে স্থানীয়ভাৱে কৰ্ম-সংস্থাপনৰ সুযোগ সৃষ্টিত সহায় কৰিব আৰু দেশৰ শক্তি, সুৰক্ষা আৰু আত্ম-নিৰ্ভৰশীলতা সুনিশ্চিত কৰিব। এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত বিগত তিনিমাহত প্রধানমন্ত্রী উজ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ জনমূৰি ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। চলিত বৰ্ষৰ জুলাইত ভাৰতীয় তেল নিগম লিমিটেডে পৰীক্ষণ আৰু সঞ্চালনৰ বাবে ভাৰতীয় নৌ সেনালৈ বিদ্যুৎ উৎপাদন কৰাৰ বাবে হাইড্ৰ’জেন ইন্ধন কোষ ব্যৱহাৰ কৰা বাছ যোগান ধৰাৰ বাবে নৌসেনা বাহিনীৰ সৈতে বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে। এই চুক্তি বহনক্ষম উন্নয়ন আৰু পৰিৱেশ ব্যৱস্থাপনাৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
Site Admin | September 19, 2024 8:46 PM | petrolium scheme