লোকসভাত আজি সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক,অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশ স্পৰ্শ কৰি ৰাষ্ট্ৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। সংবিধানখন দেশৰ সভ্যতাৰ প্ৰমূল্যৰাজিৰ অভিব্যক্তিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৭৫ বছৰ পূৰ্বে সংবিধান সভাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ বাবে সংবিধান প্রণয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। প্ৰায় ৩ বছৰজোৰা গভীৰ চিন্তা-চৰ্চা আৰু আলাপ-আলোচনাৰ অন্তত দেশে সংবিধান লাভ কৰিছিল। তেওঁ কয়, যে সংবিধান সভাই ৰচনা কৰা সংবিধানখন অকল আনুষ্ঠানিক নথিয়েই নহয়, বৰং জনসাধাৰণৰ ইচ্ছাৰ অভিব্যক্তি আছিল।বিৰোধী কংগ্ৰেছক পৰোক্ষভাৱে সমালোচনা কৰি শ্রীসিঙে কয়, যে যোৱা কেইটামান বছৰত সংবিধানখন এটা নির্দিষ্ট দলৰ অৱদান বুলি প্ৰক্ষেপ কৰাৰ চেষ্টা কৰা হৈছে। তেওঁ কয়, যে সংবিধানখন কোনো এটা নিৰ্দিষ্ট দলৰ অৱদান নহয়, বৰং ভাৰতীয় প্ৰমূল্য অনুসৰি প্ৰণয়ন কৰা অভূতপূৰ্ব অতুলনীয় নথি। বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবকা সাথ-সবকা বিকাশ- সবকা বিশ্বাস আৰু সবকা প্রয়াস ভাৱনাৰে কাম কৰি আহিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্রীসিঙে ভাৰতীয় সংবিধানখন প্রগতিশীল, সৰ্বাত্মক আৰু পৰিৱৰ্তনকামী বুলি অভিহিত কৰে। তেওঁ কয়, যে মদন মোহন মালব্য, লালা লাজপট ৰায়, ভগৎ সিং আৰু বীৰ সাৱৰকাৰৰ দৰে নেতাসকলৰ চিন্তাৰাজিয়ে সংবিধানখন শক্তিশালী কৰি তুলিছে। আলোচনাত অংশ লৈ কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ভাদ্রাই কয়, যে সংবিধানখন নাগৰিকসকলৰ বাবে সুৰক্ষা কৱচস্বৰূপ। সংবিধানখন ন্যায়, একতা আৰু অভিব্যক্তিৰ অধিকাৰৰ কৱচ বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী ভাদ্রাই শাসকীয় পক্ষই এই সুৰক্ষা কৱচ ভঙাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে। চৰকাৰে ব্যক্তিগতকৰণ আৰু লেটাৰেল এন্ট্রি অর্থাৎ পৰম্পৰাগত চৰকাৰী সেৱাৰ বাহিৰৰ এগৰাকী ব্যক্তিক নিযুক্তি দিয়াৰ দৰে কামৰ জৰিয়তে চৰকাৰে সংৰক্ষণ ব্যৱস্থা দুর্বল কৰাৰ চেষ্টা চলোৱা বুলিও তেওঁ অভিযোগ তোলে। আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে কয়, যে সংবিধান গণতন্ত্ৰৰ আত্মাস্বৰূপ। তেওঁ কয়, যে সদনে ৭৫ বছৰ পাছত পুনৰ সংবিধানক লৈ আলোচনা কৰিবলৈ লৈছে। শ্রী যাদৱে কয়, যে সংবিধানখন দেশৰ নিপীড়িত, বঞ্চিতসকলৰ প্ৰকৃত ৰক্ষক। তেওঁ লগতে প্রতিনিধিত্ব আৰু সংৰক্ষণৰ অভাৱত ভালেমান সম্প্রদায়ে জীয়াতু ভূগিবলগীয়া হৈছে বুলিও দাবী কৰে।ধৰ্ম-নিৰপেক্ষতা সংবিধানৰ প্ৰস্তৱনাৰ অংশ বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জীয়ে বিগত ১০ বছৰত দেশৰ ধৰ্ম-নিৰপেক্ষ পৰিকাঠামো বিপদৰ সন্মুখীন হোৱা বুলি অভিযোগ তোলে।আলোচনাত অংশ লৈ ডি এম কেৰ টি আৰ বালুৱে কয়, যে সমাজবাদ আৰু ধৰ্ম-নিৰপেক্ষতা অকল প্ৰস্তাৱনাৰ অংশই নহয়, বৰং ভাৰতীয় গণতন্ত্ৰ আৰু সৰ্বাত্মক অভিযানৰ সাৰমৰ্ম স্বৰূপ।জনতা দল ইউনাইটেডৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয়, যে সংবিধানে সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক আৰু অৰ্থনৈতিক প্ৰগতিৰ পথ প্ৰশস্ত কৰি আহিছে। জনসাধাৰণে সংবিধান বিনষ্ট কৰিব খোজাসকলক তেওঁলোকৰ স্থান দেখুৱাই দিছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।টি ডি পিৰ সাংসদ ড০ বায়ড্ডেী চৰীয়েও এই আলোচনাত ভাগ লয়।
Site Admin | December 13, 2024 8:10 PM | Akashvani | Parliament House | Parliament of India | Parliament Session | Sansad TV