প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক দেশৰ একতাৰ মূল স্তম্ভ বুলি অভিহিত কৰিছে। বৈচিত্ৰ্যৰ মাজত একতাক দেশৰ অনন্য বৈশিষ্ট আখ্যা দি প্রধানমন্ত্রীয়ে কয়, যে তেওঁৰ চৰকাৰে দেশৰ একতা শক্তিশালী কৰি তোলাৰ বাবে ভালেমান নীতি আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে। মৌলিক কৰ্তব্যসমূহ পালন কৰিহে উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্রীয়ে কালি লোকসভাত সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্রাক সম্পৰ্কীয় বিশেষ বিতৰ্কৰ উত্তৰ দি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, যে তেওঁৰ চৰকাৰ উমহৈতীয়া দেৱানী বিধি ৰূপায়ণ কৰিবলৈ বদ্ধপৰিকৰ কিয়নো, এই বিধিৰ মাজেৰে দেশৰ সংবিধান প্রণেতাসকলৰ দৃষ্টিভংগী প্রতিফলিত হয়। তেওঁ কয়, যে সংবিধান সভাত এই বিষয় ব্যাপক আলোচনা হৈছিল আৰু নিৰ্বাচিত চৰকাৰক এই বিধি ৰূপায়ণ কৰিবলৈ কৈছিল। শ্রী মোদীয়ে কয়, যে এন ডি এ চৰকাৰে ধৰ্মনিৰপেক্ষ উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন কৰাৰ বাবে কাম কৰি আছে।
এন ডি এ চৰকাৰে বিভিন্ন আঁচনি আৰু উদ্যমৰ মাজেৰে দেশৰ একতা অনাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে আৰু সমগ্ৰ দেশত জি এছ টিৰ ৰূপত একক কৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে।
Site Admin | December 15, 2024 11:29 AM | PM Modi speech on constitution
সংবিধানক দেশৰ একতাৰ মূল স্তম্ভ বুলি অভিহিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
