ডাউনলোড
মোবাইল এপ

android apple
signal

November 10, 2024 11:46 AM | World Vaccine Day

printer

সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু জনস্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিষেধকৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিশ্ব টীকাকৰণ দিৱস পালন

সমগ্ৰ বিশ্বত সংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধকৰ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আজি বিশ্ব টীকাকৰণ দিৱস পালন কৰা হ’ব। এই দিনটোত প্ৰতিগৰাকী ব্যক্তিয়ে সহজে জীৱন ৰক্ষাকাৰী প্ৰতিষেধক লাভ কৰাৰ বাবে অবিৰত প্ৰচেষ্টাৰ আৱশ্যকতাত আলোকপাত কৰা হয় ৷ এনে ধৰণৰ টীকাকৰণৰ জৰিয়তে পলিঅ’, প্রসূতি আৰু নৱজাতকৰ মৃত্যুকে ধৰি ভালেমান ঘাটক ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য সাফল্য অর্জন কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশৰ নিৰ্ধাৰিত টীকাকৰণ লক্ষ্যৰ ৯৩.২৩ শতাংশক সামৰি লোৱা হৈছে। সাৰ্বজনীন টীকাকৰণ আঁচনিৰ জৰিয়তে পলিঅ’, বসন্ত, হেপাটাইটিছ-বি কে ধৰি ১২ বিধ ৰোগৰ বাবে বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হয়। ইউ-উইন প’ৰ্টেলৰ জৰিয়তে হিন্দীকে ধৰি ১১টা আঞ্চলিক ভাষাত এতিয়া গৰ্ভৱতী মহিলা আৰু ১৭ বছৰ বয়সলৈকে শিশু আৰু কিশোৰক প্ৰতিষেধক প্ৰদানৰ ডিজিটেল তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। চলিত বৰ্ষৰ ছেপ্তেম্বৰত এই মঞ্চত ৬ কোটি ৪৬ লাখ হিতাধিকাৰীৰ পঞ্চীয়ন হৈছে আৰু ইয়াৰ ১ কোটি ৪ লাখ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ২৩ কোটি ৬ হেজাৰ পালি প্রতিষেধক প্রদান তথ্য লাভ কৰা হৈছে। ভাৰতে ২০২১ বৰ্ষৰ জানুৱাৰীত আৰম্ভ কৰা কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কার্যসূচী সমগ্ৰ বিশ্বতে সফলৰূপে পৰিগণিত হৈছে। বিগত বৰ্ষৰ জানুৱাৰীত এই কাৰ্যসূচীৰ অধীনত ২২০ কোটিৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰে ৯৭ শতাংশ যোগ্য হিতাধিকাৰীক কমেও এপালি প্ৰতিষেধক প্ৰদান কৰাৰ বিপৰীতে ৯০ শতাংশক দুপালি প্রতিষেধক প্ৰদান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক