ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2024 11:40 AM

printer

ষ্টেড দি ফ্ৰান্সত বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি

ষ্টেড দি ফ্ৰান্সত কালি নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪ৰ অন্ত পৰে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত থাকে। ইয়াৰ পূৰ্বে ২০২০ৰ টকিঅ’ অলিম্পিকত ভাৰত এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদকেৰে ৪৮সংখ্যক স্থানত আছিল। পেৰিছ অলিম্পিকৰ কালি শেষৰ দিনা নেডাৰলেণ্ডছৰ ছিফান হাছানে মহিলাৰ মাৰাথনত সোণৰ পদক অৰ্জন কৰে। ৩১ বছৰীয়া এথলীটগৰাকীয়ে ইয়াৰ দুদিন পূৰ্বে ১০ হাজাৰ মিটাৰত আৰু ছদিন পূৰ্বে ৫ হাজাৰ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। এইবাৰৰ অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই ৪০টা সোণৰ পদকসহ মুঠ ১২৬টা পদকেৰে প্ৰথম স্থানত থাকে। আনহাতে চীনে ৪০টা সোণৰ পদকসহ মুঠ ৯১টা পদকেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জাপানে ২০টা সোণসহ মুঠ ৪৫টা পদকেৰে তৃতীয় আৰু অষ্ট্ৰেলিয়াই ১৮টা সোণসহ মুঠ ৫৩টা পদকেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক

সকলো চাওক