ডাউনলোড
মোবাইল এপ

android apple
signal

ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই, বৰং এই সংস্কৃতি দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ষ্টাৰ্ট আপ ইণ্ডিয়াৰ ৯ বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ডত কয়, যে দেশৰ ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই সংস্কৃতি জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশক লৈ চিহ্নিত কৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছে। আজি মন কী বাতত প্রধানমন্ত্রীয়ে মহাকাশ খণ্ডত দেশৰ শেহতীয়া সাফল্যৰ প্ৰশংসা কৰে । বাংগালুৰুত থকা ভাৰতীয় মহাকাশ প্রযুক্তি ষ্টাৰ্ট আপ পিকচেলৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দেশৰ প্ৰথমটো ব্যক্তিগত উপগ্রহ নক্ষত্র ফায়াৰফ্লাইৰ সফল উৎক্ষেপণৰ কথা উল্লেখ কৰে। তেওঁ কয়, যে মহাকাশ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ এয়া এক উল্লেখযোগ্য সোপান প্রধানমন্ত্রী মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশৱাসীক শুভেচ্ছা জ্ঞাপন কৰে। এই প্ৰসংগতে তেওঁ সংবিধান সভাৰ সদস্যসকললৈ শ্ৰদ্ধা নিবেদন কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ জানুৱাৰীত উদযাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয়টোক আলোকপাত কৰে। এই দিনটোতে ভাৰতৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল বাবে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিশেষ তাৎপর্য আছে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, যে এই মেলা হৈছে সাম্য আৰু মহা মিলনৰ সন্মিলন। এই মেলাৰ মাজেৰে দেশৰ বৈচিত্ৰ্যৰ মাজত একতাক উদযাপন কৰা হৈছে বুলি তেওঁ কয়। নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে অহা ২৩ জানুৱাৰীত নেতাজীৰ জন্মদিন দেশে পৰাক্ৰম দিৱস হিচাপে পালন কৰিব। নেতাজীক এগৰাকী দূৰদৰ্শী নেতা হিচাপে অভিহিত কৰি শ্রীমোদীয়ে কয়, যে নেতাজী স্বভাৱতে এগৰাকী সাহসী লোক আছিল। অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ নাগৰিক দীপক নাৱামৰ বিষয়েও শ্ৰীমোদীয়ে মন কী বাতত উল্লেখ কৰে। সমাজ আৰু পৰিৱেশৰ উন্নয়নৰ বাবে কাম কৰি অহা দীপক নাৱামে মানসিকভাৱে অসুস্থ, শাৰীৰিক প্ৰতিবন্ধী লোক, বৃদ্ধ আৰু নিচাযুক্ত দ্ৰব্য সেৱনকাৰী লোকসকলৰ যত্ন লৈ আহিছে বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক