ডাউনলোড
মোবাইল এপ

android apple
signal

March 29, 2025 11:43 AM | PM BIMSTEC

printer

ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৩ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ষষ্ঠ BIMSTEC সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে অহা ৩ এপ্ৰিলত দুদিনীয়া ভ্রমণসূচীৰে থাইলেণ্ডলৈ যাব। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ন চীনাৱাট্টাৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ পূবৰ সচিব জয়দীপ মজুমদাৰে কয়, যে এয়া হ’ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। শ্রীমজুমদাৰে কয়, যে ভাৰত আৰু থাইলেণ্ডৰ মাজত ঐতিহাসিক দ্বিপাক্ষিক সম্পর্ক আছে। থাইলেণ্ড ভাৰতৰ সামুদ্রিক ওচৰ-চুবুৰীয়া দেশ তথা BIMSTEC, এক-ইষ্ট নীতি আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় দৃষ্টিভংগীত থাইলেণ্ড ভাৰতৰ অতি গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব বুলি শ্ৰীমজুমদাৰে উল্লেখ কৰে। প্ৰধানমন্ত্রী মোদী এই ভ্ৰমণকালত থাইলেণ্ডৰ প্ৰধানমন্ত্রী পেটংটাৰ্ন চীনাৱাট্টাৰ সৈতে আলোচনাত মিলিত হ’ব। এইবাৰৰ সন্মিলনত BIMSTEC ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পাছত ৪ এপ্ৰিলত প্রধানমন্ত্ৰীগৰাকী তিনিদিনীয়া ভ্রমণসূচীৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ আমন্ত্রণমৰ্মে দেশখনলৈ যাব। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি দিশানায়কেৰ সৈতে ভাৰত আৰু শ্ৰীলংকাৰ পূৰ্বৰ সহযোগিতামূলক ক্ষেত্ৰসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। দুয়োগৰাকী নেতাই লগতে শক্তি, ডিজিটাইজেচন আৰু স্বাস্থ্য খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি বিনিময় কৰিব। শ্রীমোদীয়ে দেশখনৰ শীর্ষ প্রতিনিধি তথা ৰাজনৈতিক নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক