ষষ্ঠ ভাৰত-অষ্ট্ৰেলিয়া সামুদ্রিক সুৰক্ষা আলোচনা আজি কনবেৰাত অনুষ্ঠিত হয়। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নিৰস্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মৌনপুই ছাইৱায় আৰু অষ্ট্ৰেলিয়াৰ দলটোক ছাৰাহ ষ্টৰীয়ে নেতৃত্ব দিছে। দ্বিপাক্ষিক এই আলোচনাত বিশ্ব কল্যাণ আৰু সৰ্বাংগীন উন্নতি বৃদ্ধিৰ ক্ষেত্ৰত অনুকুল, সুৰক্ষিত আৰু নিৰাপদ সামুদ্রিক পৰিৱেশ বজাই ৰখাৰ বাবে আলোচনা অনুষ্ঠিত হয়। আলোচনাত দুয়োখন ৰাষ্ট্ৰই ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্রিক পৰিৱেশ, সামুদ্রিক সজাগতা, মানৱীয় সাহায্য আৰু দুৰ্যোগ তথা সমন্বয়কে ধৰি বিভিন্ন মত বিনিময় কৰে । ইয়াৰে ভিতৰত অনুসন্ধান আৰু উদ্ধাৰ, প্ৰদূষণ, নীলা অৰ্থনীতি আৰু বন্দৰ ৰাজ্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা আদিৰ আলোচনাও অন্তর্ভুক্ত হৈছে।
Site Admin | August 13, 2024 3:22 PM