ডাউনলোড
মোবাইল এপ

android apple
signal

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬১.৭-৬ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত কালি ৬খন ৰাজ্য আৰু দুটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৫৮-টা সমষ্টিত ৬১.৭-৬ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০টা, বিহাৰৰ ৮টা, পশ্চিমবংগৰ ৮টা, দিল্লীৰ ৭টা, ওড়িশাৰ ৬টা, ঝাৰখণ্ডৰ ৪টা আৰু জম্মু- কাশ্মীৰৰ এটা সমষ্টি সামৰি লোৱা হয়। বিহাৰত ৫৫.২-৪ শতাংশ, ঝাৰখণ্ডত প্রায় ৬৪, দিল্লীত প্রায় ৫৮. ওডিশাত ৭০.৯-৯, উত্তৰ প্ৰদেশত ৫৪.০-৩, পশ্চিমবংগত ৮০.০-৬, হাৰিয়ানাত ৬২.০-৯ আৰু জম্মু কাশ্মীৰত ৫৪.৪ ৬ শতাংশ ভোটদান হয়।

ভোটগ্ৰহণৰ সামৰণি পৰাৰ লগে লগে এই পর্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা ৮৮৯গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্যও ই ভি এম বন্দী হয়। ষষ্ঠ পর্যায়ত নির্বাচনী খুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ জ্যেষ্ঠ নেতা মানেকা গান্ধী, ধর্মেন্দ্র প্রধান, মনোহৰ লাল খট্টৰ, মনোজ তিৱাৰী, কংগ্ৰেছৰ দীপেন্দ্ৰ সিং হুদা, কুমাৰী ছেলজা, ৰাজবাৰবৰ, কানহাইয়া কুমাৰ, সমাজবাদী পার্টীৰ ধর্মেন্দ্ৰ যাদৱ আৰু পি ডি পিৰ মুৰববী মেহবুবা মুফটি অন্যতম।

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ সমান্তৰালভাৱে কালি ওড়িশা বিধানসভাৰ ৪২ খন আসনৰ বাবেও ভোটগ্রহণ সম্পন্ন হয়। ওড়িশা বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সামৰি লোৱা এই সমষ্টি কেইটাত ৭০.৯-৯ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে।

ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ২৮ খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ৪৮৬টা সংসদীয় সমষ্টিত নির্বাচন সম্পূর্ণ হৈছে। ইয়াৰ লগতে অৰুণাচল প্রদেশ, ছিকিম, অন্ধ্রপ্রদেশৰ বিধানসভা নির্বাচন আৰু ওড়িশা বিধানসভাৰ ১০৫ খন আসনৰ বাবে ভোটগ্রহণ সম্পন্ন হৈছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ত অহা ১ জুনত ৫৭টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৪ জুনত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক