ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিত প্ৰচাৰ অভিযান তুংগত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত ৰাজনৈতিক দলসমূহে এতিয়া ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ২৫ মে’ত আৰু ১ জুনত হ’বলগীয়া ষষ্ঠ আৰু সপ্তম পৰ্যায়ত ৫৭ টাকৈ সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীৰ গান্ধী ময়দানত এখন নির্বাচনী সভাত ভাষণ দিয়ে। প্রধানমন্ত্ৰীয়ে ভাষণত কংগ্ৰেছক এটা পৰিয়ালকেন্দ্ৰিক দল বুলি অভিহিত কৰাৰ লগতে দলটোৱে মাত্ৰ এটা পৰিয়ালৰ স্বাৰ্থ সিদ্ধিৰ হকে কাম কৰি আহিছে বুলি অভিযোগ তোলে। লোকসভা নির্বাচনত কংগ্ৰেছ নেতৃত্বাধীন আই এন ডি আই মিত্ৰজোঁটৰ পতন ঘটিব বুলি তেওঁ দাবী কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে নিৰ্বাচনত দুৰ্নীতিৰ গোচৰ আৰু ভাৰত বিৰোধী অভিযানত লিপ্ত হোৱাসকলক যোগ্য প্ৰত্যুত্তৰ দিব।

মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিকনিৰাজিৰ পৰা উদ্বুদ্ধ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে কংগ্ৰেছ মহাত্মা গান্ধীৰ সপোন পূৰণত ব্যৰ্থ হৈছে। মহাত্মা গান্ধীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নীতি অনুসৰণ কৰিয়ে প্ৰতিটো পৰিয়ালৰ বাবে শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে বুলি শ্রী মোদীয়ে মন্তব্য কৰে। তেওঁ লগতে দুখীয়া জনসাধাৰণক বিদ্যুৎ আৰু ৰন্ধন গেছৰ সংযোগ প্ৰদানৰ বাবে লোৱা পদক্ষেপৰ ওপৰত আলোকপাত কৰে । প্রধানমন্ত্রীয়ে কয় যে আই এন ডি আই মিত্রজোঁটে একবিংশ শতিকাৰ আশা-আকাংক্ষাৰ সৈতে খোজ মিলাব নোৱাৰে আৰু একমাত্র এন ডি এহে এই সপোনসমূহ বাস্তৱায়িক কৰিবলৈ সক্ষম। তেওঁ লগতে কেন্দ্ৰত এখন নির্ণায়ক চৰকাৰেৰে পৰৱৰ্তী ৫ বছৰত অধিক ক্ষিপ্ৰতাৰে উন্নয়নমূলক কাম সম্পন্ন কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। শ্ৰী মোদীয়ে আজি বিহাৰৰ মহাৰাজ গঞ্জ সংসদীয় সমষ্টিৰ অধীনৰ গৰিয়াকোঠিত দ্বিতীয়খন নির্বাচনী সভাত ভাগ ল’ব। দিল্লীতো সাতোখন সংসদীয় আসনৰ বাবে প্ৰচাৰ তুংগত উঠিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছে শনিবাৰে ভোটগ্রহণ হ’বলগীয়া এই সমষ্টিকেইটাৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। আম আদমী পাৰ্টী আৰু কংগ্ৰেছে মূল্যবৃদ্ধি, কর্ম সংস্থাপনহীনতা আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিজেপিয়েও সুৰা নীতি কেলেংকাৰী আৰু অনিয়মৰ অন্যান্য ঘটনাক লৈ আম আদমী পাৰ্টীক তীব্র সমালোচনা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি চান্দনী চ’কত এটা ৰোড শ্ব’ত ভাগ ল’ব আৰু পালমত এখন নির্বাচনী সভা সম্বোধন কৰিব। ইপিনে, আম আদমী পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উত্তৰ-পূব দিল্লীত এটা ৰোড শ্ব’ত অংশ ল’ব। দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱ আৰু অন্যান্য নেতাসকলে মহানগৰখনৰ বিভিন্ন অংশত প্ৰচাৰ চলাইছে।

অধিক পঢ়ক

সকলো চাওক