ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰাৰ পাছত বিজেপিৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি পশ্চিমবংগৰ সন্দেশখালি, অশোকনগৰ আৰু দমদমত তিনিখনকৈ নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ চৰকাৰখনক তীব্র সমালোচনা কৰে। সভাত ভাষণ দি তেওঁ মমতা বেনাৰ্জীয়ে ৰাজ্যখনত কা বলৱৎ হ’ব নিদিয়ে বুলি কোৱা মন্তব্যৰো প্ৰত্যাহ্বান জনায়। বাংলাদেশত উৎপীড়নৰ চিকাৰ হৈ ভাৰতত আশ্ৰয় গ্ৰহণ কৰা সকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কা বলৱৎ কৰাৰ ক্ষমতা কেৱল কেন্দ্ৰৰ হাততহে আছে। আনহাতে, সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধিৰে ৰাজ্যখনত দুখীয়া- দৰিদ্ৰৰ ওপৰত অত্যাচাৰ চলিছে বুলি অভিযোগ তুলি তেওঁ কয় যে পশ্চিমবংগত পেট্ৰ’ল আৰু ডিজেলৰ দাম দেশৰ ভিতৰতে সৰ্বাধিক। ৰাজ্যখনত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৩ টকা হোৱাৰ বিপৰীতে অসম, বিহাৰ, উত্তৰ প্ৰদেশৰ জনসাধাৰণে প্ৰতিলিটাৰ পেট্ৰ’লৰ বাবদ ৯৬ টকাকৈহে আদায় দিব লাগে। ইফালে, লোকসভা নিৰ্বাচনত ৪০০ খনতকৈও অধিক আসন লাভ কৰি নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে আকৌ এবাৰ অধিষ্ঠিত হোৱাৰ পাছত পাক- অধিকৃত কাশ্মীৰ ওভোতাই অনাৰ লগতে মথুৰাত শ্ৰীকৃষ্ণৰ জন্মভূমি নির্মাণ, জ্ঞানবাপীত মন্দিৰ নিৰ্মাণ, ইউ চি চি বলৱৎ আৰু বহুবিবাহ ৰোধ আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

অধিক পঢ়ক

সকলো চাওক