July 12, 2024 12:31 PM | Chess

printer

ষষ্ঠ আয়োদানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাত তৃতীয় দিনৰ চতুৰ্থ ৰাউণ্ডৰ অন্তত ৭ গৰাকী খেলুৱৈৰ সম্পূৰ্ণ ৪ পইণ্টেৰে যৌথভাৱে শীৰ্ষস্থান

গুৱাহাটীৰ পানীখাইতিত অনুষ্ঠিত ষষ্ঠ আয়োদানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতাৰ কালি তৃতীয় দিনা চতুৰ্থ ৰাউণ্ডৰ অন্তত ৭ গৰাকী খেলুৱৈৱে সম্পূৰ্ণ ৪ পইণ্ট অৰ্জনেৰে যৌথভাৱে শীৰ্ষস্থানত আছে। অন্ধ্ৰপ্ৰদেশৰ শীৰ্ষ বাছনিৰ কোশল, অসমৰ তৃতীয় বাছনি ধ্রুপদ কাশ্যপ, চতুর্থ বাছনিৰ অভিলেশ সৰকাৰ, অজয় কুমাৰ ৰায়, পুডুচেৰীৰ উমা শংকৰ, পশ্চিমবংগৰ চন্দ উজেইন আৰু আয়ুষ দাসে ৪ পইণ্ট লাভ কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাখন পৰহিলৈ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক