ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্নৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। কালি ৫৫ খন প্রতিমা বিসর্জন দিয়াৰ পাছত আজি দুই শতাধিক প্রতিমা বিসর্জন দিয়া হয়। জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিয়া ২৭টা ঘাটত বিসর্জন প্রক্রিয়া সম্প্রতিও অব্যাহত আছে। প্ৰতিমাৰ সংখ্যালৈ চাই কোনো কোনো ঘাটত পুৱতি নিশালৈকে বিসর্জন পর্ব চলাৰ সম্ভাৱনা আছে। বিসর্জন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অগণন লোকে মহানগৰীৰ পথৰ দুয়োকাষে ভীৰ কৰা পৰিলক্ষিত হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট-পথসমূহত যান- জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান-বাহন আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱসাগৰ জিলাতো কালি পৰম্পৰাগত ৰীতি-নীতিৰে বিজয়া দশমীৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আজি নগৰখনৰ প্ৰায় ২০ খন প্রতিমা বিসর্জন দিয়া হ’ব। যোৰহাট জিলাত জিলা আয়ুক্তৰ পৰ্যবেক্ষণত দেৱী দুৰ্গাৰ মৃণ্ময় প্রতিমা সুকলমে বিসৰ্জন কৰা হয়। বজালী জিলাৰ কেইবাখনো পূজা সমিতিয়ে আজি দেৱীৰ প্ৰতিমা বিসর্জনৰ পৰ্ব সমাপন কৰিব বুলি উদ্যোক্তা সমিতিসমূহে জানিবলৈ দিছে। বাক্সা জিলাতো কেইবাখনো পূজা সমিতিয়ে আজি দেৱীৰ প্ৰতিমাসমূহ নিজ নিজ স্থানত বিসর্জন দিয়া হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। দুর্গা পূজাক কেন্দ্ৰ কৰি আজিও গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। কালিৰ দিনটোত বৈদিক ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসর্জন কৰাৰ পাছত আজিও জিলাখনৰ ৩৬ খন পূজা সমিতিয়ে চহৰখনৰ কাচাৰীঘাটত প্ৰতিমা বিসর্জন পৰ্ব সম্পন্ন কৰিছে। জিলাখনৰ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰা ৰংজুলি দুৰ্গা পূজা সমিতিয়ে কালি বিয়লি দেৱী বিসর্জন কাৰ্যসূচী সমাপন কৰি ৬৫ ফুট উচ্চতাৰ ৰাৱন দাহ কাৰ্যসূচীও ৰূপায়ণ কৰে।
বৰপেটা জিলাতো আজি বিয়লি আৰম্ভ হোৱা বিসর্জন পৰ্ব সন্ধিয়া সামৰণি পৰে। বৰপেটা চহৰ আৰু পার্শ্বৱৰ্তী অঞ্চলসমূহত অনুষ্ঠিত পূজাস্থলীসমূহৰ প্ৰতিমা চাউলখোৱা নদীত বিসর্জন দিয়া হয়। একেদৰে বেকী, ভেলেঙী, আদি নদীতো প্রতিমা বিসর্জন দিয়া হয়। উল্লেখযোগ্য যে জিলাখনত এইবাৰ শতাধিক পূজা আয়োজন কৰা হৈছিল। জিলাখনত শাৰদীয় দুর্গা পূজাৰ আয়োজন সামগ্রিকভাৱে শান্তিপূর্ণ আছিল যদিও পূজাৰ সময়ছোৱাত কেইবাটাও পথ দুর্ঘটনা সংঘটিত হয়। কোকৰাঝাৰ জিলাত গৌৰাং নদীৰ অষ্টমী ঘাটত বিজয়া দশমীৰ অংশস্বৰূপে আজি প্রতিমা বিসর্জন দিয়া হয়। কৰিমগঞ্জ জিলাত কালি বিজয়া দশমী ৰীতি-নীতি পালন কৰাৰ পাছত আজি বিভিন্ন ঘাটসমূহত প্রতিমা বিসর্জন প্রক্রিয়া অব্যাহত আছে। আৰক্ষী প্ৰশাসনৰ উদ্যোগত কৰিমগঞ্জ বিসর্জন ঘাট, শ্রীগৌৰী বিসর্জন ঘাটকে ধৰি সকলো ঘাটতে সুকলমে দেৱী বিসর্জন প্রক্রিয়া চলি আছে। হাইলাকান্দিতো একেদৰে শাৰদীয় দুর্গোৎসৱৰ পাছত প্ৰতিমা বিসর্জন কাৰ্যসূচী জিলা প্ৰশাসনৰ সক্ৰিয় সহযোগত সম্পন্ন হৈছে।
মৰিগাঁও জিলাত মৰিকলং বিলৰ বাচনা ঘাট আৰু জাগীভকত গাঁৱৰ কপিলী নৈৰ ঘাটত অর্ধশতাধিক প্রতিমা বিসর্জন দিয়া হৈছে। জিলাখনত বিজয়া দশমীৰ লগতে দশেৰাৰ কাৰ্যসূচীও পালন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তই ৰাবন দাহন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।
ইফালে, নগাঁও জিলাত দুর্গা পূজাৰ সময়খিনিত নিয়োজিত আৰক্ষী জোৱান আৰু কৰ্মচাৰীসকলক আজি বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত পৰিয়ালৰ পৰা আঁতৰি থাকি নিষ্ঠাৰে কৰ্তব্য পালন কৰা আৰক্ষীসকলক বিধায়কগৰাকীয়ে নগাঁও আৰক্ষী চাউনীত অনুষ্ঠিত এটা কাৰ্যসূচীত ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক