ডাউনলোড
মোবাইল এপ

android apple
signal

ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত এই শুভক্ষণত ছঠি মাইয়া আৰু সূৰ্যদেৱে নিজৰ আশীষেৰে সকলোৰে জীৱন ধন্য কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ কামনা কৰিছে।
সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিশা ৮ বজাৰ পৰা ১০ বজালৈহে ফটকা ফুটুৱাৰ অনুমতি প্ৰদান কৰা হৈছে। চূণচালি ঘাটতো বিশেষ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নৈৰ ঘাটত পূজাৰ সময়ত অঘটন নহ’বলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে নিৰ্দেশ জাৰি কৰিছে। আৰক্ষীৰ উপৰি পূজা সমিতিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব বুলি কোৱা হৈছে। আনহাতে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পৃথক পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা থাকিব লাগিব। পুৱা আৰু সন্ধিয়াৰ সময়ত ৰাইজৰ আহ-যাহ কৰাত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে সমিতিসমূহক স্থানীয় আৰক্ষীৰ সহায় ল’বলৈ আহ্বান জনোৱা হৈছে। সাংস্কৃতিক অনুষ্ঠান বা সমদলৰ নামত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ গুৱাহাটী আৰক্ষীয়ে জনসাধাৰণক আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক