ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰোৱে আজি নিশা ৯ বাজি ৫৮ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান উৎক্ষেপন স্থলীৰ পৰা দুটা উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰিব। ইছৰোৰ এই অভিযানৰ উদ্দেশ্যে হ‘ল এটা উপ-পথত মহাকাশ যান এখনৰ ডকিং আৰু আন ডকিং প্রক্রিয়াক প্রদর্শন কৰা। পি এছ এল ভি C-60 নামৰ যানখনে SDX-01 আৰু SDX-02 নামৰ উপগ্ৰহ দুটা ৪৭৬ কিলোমিটাৰৰ কক্ষপথত স্থাপন কৰিব তথা ডকিং আৰু আন ডকিং প্ৰক্ৰিয়াৰ পৰীক্ষা সম্পন্ন কৰিব। এই অভিযানৰ নাম দিয়া হৈছে স্পেটেক্স। অভিযানৰ মূল উদ্দেশ্য হৈছে, ভাৰতীয়সকলৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা তথা তাৰ পৰা ঘূৰি অহাৰ লগতে ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰৰ নিৰ্মাণ আৰু সঞ্চালনৰ আৰ্হি প্ৰস্তুত কৰা। এই অভিযানৰ বাবে ইতিমধ্যে নতুন ডকিং প্ৰক্ৰিয়াৰ লগতে আন প্ৰযুক্তিগত প্ৰক্ৰিয়াসমূহো সফলতাৰে সম্পূৰ্ণ কৰি তোলা হৈছে। উল্লেখযোগ্য যে, এই অভিযানৰ জৰিয়তে ভাৰত ডকিং প্রযুক্তি থকা পৃথিৱীৰ ভিতৰত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ‘ব।
Site Admin | December 30, 2024 6:06 PM | ISRO
শ্ৰীহৰিকোটাৰ সতীশ ধাৱান উৎক্ষেপন স্থলীৰ পৰা আজি ইছৰোৰ দুটা উপগ্রহ মহাকাশলৈ প্ৰেৰণ
